নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩,৮১২খন সুলভ মূল্যৰ দোকানৰ চলি আছে মাত্র ১০০খন

যোগান বিভাগৰ অনীহাত মৃত্যুমুখী আমাৰ দোকান

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ  ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণ আৰু বান–গৰাখহনীয়াই ৰাজ্যত হাহাকাৰপ্রায় অৱস্থাৰ সৃষ্টি কৰাৰ সময়তে নিয়ন্ত্রণহীন বজাৰত সূত্রপাত ঘটা মূল্যবৃদ্ধিৰ জুয়ে ত্রাহি মধুসূদন সোঁৱৰাইছে সর্বসাধাৰণক৷ বিশেষকৈ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা দীর্ঘদিনীয়া লকডাউন আৰু বিভিন্ন সীমাবদ্ধতাৰ বাবে প্রতিবিধ অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য আকাশলংঘী ৰূপত বৃদ্ধি পাইছে৷ শাক–পাচলি, ফল–মূল, মাছ–মাংস আৰু গেলামালৰ সা–সামগ্রীৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণক জুৰুলা কৰিছে৷ লকডাউনৰ বাবে উপার্জনহীন হৈ পৰা ৰাজ্যবাসীক এই মূল্যবৃদ্ধিৰ জুইকুৰাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্য চৰকাৰ৷ এটা বিয়াগোম যোগান বিভাগ থকা সত্ত্বেও বজাৰত দিনকদিনে বৃদ্ধি পাইছে বিভিন্ন সা–সামগ্রীৰ মূল্য৷ সমান্তৰালভাৱে ৰাইজক সকাহ দিয়াৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিসমূহো এতিয়া প্রহসনত পৰিণত হৈছে৷ ৰাইজক সুলভ মূল্যত খাদ্য–সামগ্রী যোগানৰ বাবে চৰকাৰে গ্রহণ কৰা অভিলাষী ‘আমাৰ দোকান’ শীর্ষক আঁচনি ৰূপায়ণত চূড়ান্ত ব্যর্থ হৈছে চৰকাৰ৷ ৰাজ্যত স্থাপন কৰা তিনি সহস্রাধিক ‘আমাৰ দোকান’ অস্তিত্বহীন হৈ পৰিছে৷ চৰকাৰৰ চূড়ান্ত অনিহাত এই আঁচনি অস্তিত্বহীন হৈ পৰাত অত্যধিক মূল্যত সা–সামগ্রী ক্রয় কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে৷ উল্লেখ্য যে ২০১১ চনত ৰাজ্যত অভিলাষী আঁচনিৰ আৰম্ভ কৰা হৈছিল৷ প্রাথমিকভাৱে ৰাজ্যজুৰি মুঠ ৩,৮১২খন ‘আমাৰ দোকান’ খুলিবলৈ অনুমতি দিয়া হৈছিল৷ সেই অনুসৰি ধুবুৰীত ১৪৪খন, কোকৰাঝাৰত ১৮, গোৱালপাৰাত ৪০, বঙাইগাঁৱত ১৭২, চিৰাঙত ২৫, বৰপেটাত ১৬৭, নলবাৰীত ৯৮, কামৰূপ মহানগৰত ১৮৪, কামৰূপত ৮৬, দৰঙত ৫৭, ওদালগুৰিত ৯, শোণিতপুৰত ৩৫৫, নগাঁৱত ২৫২, মৰিগাঁৱত ৭৫, লখিমপুৰত ৩৩২, ধেমাজিত ৮০, গোলাঘাটত ২৯৩, যোৰহাটত ২৪২, শিৱসাগৰত ৪১৭, তিনিচুকীয়াত ১৪৪, ডিব্রুগড়ত ৩৪৯, কাচাৰত ১৫৩, হাইলাকান্দিত ৫৯, কৰিমগঞ্জত ৬১ আৰু উত্তৰ কাচাৰ পার্বত্য জিলাত ১০খন ‘আমাৰ দোকান’ খুলিবলৈ অনুমতি দিয়া হৈছিল৷ সকলো ৰাইজে যাতে সুলভ মূল্যত খাদ্য–সামগ্রী লাভ কৰিব পাৰে, তাৰ বাবে পৌৰ নিগম আৰু পৌৰসভা অঞ্চলত প্রতি ৱাডত এখনকৈ ‘আমাৰ দোকান’ স্থাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেইদৰে প্রতিখন গাঁও পঞ্চায়তত এই দোকান স্থাপন কৰাৰ চৰকাৰে সেই সময়ত চিন্তা–চর্চা কৰিছিল৷ কিন্তু আজিপর্যন্ত এই চিন্তা–চর্চা বাস্তৱ ৰূপ পোৱা পৰিলক্ষিত নহ’ল৷ যোগান বিভাগৰ এটা শীর্ষ সূত্রই সদৰী কৰা অনুসৰি ৰাজ্যত অনুমোদন দিয়া ৩,৮১২খন ‘আমাৰ দোকান’ৰ বর্তমান ৰাজ্যত প্রায় ১০০খন এনে দোকানহে চলি আছে৷ সূত্রটোৱে লগতে প্রকাশ কৰে যে এই আঁচনিখনৰ জৰিয়তে কর্মসংস্থাপন সৃষ্টিৰ লগতে সুলভ মূল্যত খাদ্য যোগানৰ ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল৷ সেই সময়ত দোকান স্থাপনৰ বাবে চৰকাৰৰ ফালৰ পৰা ৫৫ হাজাৰকৈ সাহায্য প্রদান কৰা হৈছিল৷ তদুপৰি এই দোকানসমূহৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত যোগান ধৰা সামগ্রীসমূহৰ উপৰি দাইল, আটা, ময়দা, মিঠাতেল, চাহপাত, আলু, পিঁয়াজ, বুট, মগু আদিৰ বিতৰণ কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছিল৷ আন বজাৰৰ তুলনাত এই সামগ্রীসমূহ ২ৰ পৰা ৫ টকাকৈ কম মূল্যত গ্রাহকক যোগানৰ বাবে পৰিকল্পনা কৰা হৈছিল৷ এইক্ষেত্রত আগভাগ লৈছিল যোগান বিভাগে৷ ‘আমাৰ দোকান’ৰ স্বত্বাধিকাৰী, যোগান বিভাগ আৰু পাইকাৰী ব্যৱসায়ীসকলৰ মাজত নিয়মীয়াভাৱে বৈঠক অনুষ্ঠিত কৰা হৈছিল৷ এই বৈঠকতে যোগান বিভাগে বিভিন্ন অঞ্চলৰ পাইকাৰী ব্যৱসায়ীসকলক ‘আমাৰ দোকান’ৰ সৈতে জড়িত লোকসকলক সা–সামগ্রী আন ব্যৱসায়ীৰ তুলনাত অন্ততঃ এটকা হ’লেও কম মূল্যত দিবলৈ নির্দেশ দিছিল৷ যাতে সাধাৰণ গ্রাহকক ‘আমাৰ দোকান’সমূহে কম মূল্যত খাদ্য–সামগ্রীসমূহ যোগান ধৰিব পাৰে৷ কিন্তু দিন বাগৰাৰ লগে লগে ক্রমাৎ এই পর্যালোচনা বৈঠকসমূহ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকে যোগান বিভাগ৷ বিয়াগোম বিভাগটোৰ এই দুর্বলতাৰ সুযোগ গ্রহণ কৰি পাইকাৰী ব্যৱসায়ীসকলেও লাহে লাহে ‘আমাৰ দোকান’ৰ সৈতে জড়িত লোকসকলক ৰেহাই মূল্যত খাদ্য–সামগ্রী যোগানৰ পৰা বিৰত থাকে৷ ফলত এই ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি বিগত ৬ মাহ ধৰি ‘আমাৰ দোকান’ৰ দোকানীসকলৰ সৈতে যোগান বিভাগে কোনোধৰণৰ বৈঠক অনুষ্ঠিত কৰা নাই৷ লক্ষণীয়ভাৱে লকডাউনৰ সময়ত ব্যাপক মূল্যবৃদ্ধিক লৈ প্রতিক্রিয়া সৃষ্টি হৈছে৷ সেই সময়তো চৰকাৰে ‘আমাৰ দোকান’সমূহৰ জৰিয়তে সামগ্রী ৰাইজৰ মাজত সুলভ মূল্যত যোগান ধৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷ ফলস্বৰূপে ৩৭ হাজাৰ ‘আমাৰ দোকান’ স্থাপনৰ লক্ষ্য বান্ধি লোৱা ৰাজ্যখনত চলি আছে প্রায় ১০০খন দোকানহে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সময় বাগৰাৰ লগে লগে ‘আমাৰ দোকান’সমূহৰ জৰিয়তে যোগান ধৰা সামগ্রীৰ সংখ্যাও হ্রাস পাবলৈ আৰম্ভ কৰে৷ বর্তমান এই দোকানসমূহ সক্রিয় হৈ থাকিলে চাউল, দাইলৰ পৰা আৰম্ভ কৰি আলু, পিঁয়াজলৈকে প্রতিবিধ সামগ্রী সাধাৰণ ৰাইজে বজাৰৰ তুলনাত ২ৰ পৰা ৫ টকাপর্যন্ত কম মূল্যত ক্রয় কৰিব পাৰিলেহেঁতেন৷ আনহাতে, ‘আমাৰ দোকান’সমূহৰ জৰিয়তে খাদ্য–সামগ্রী বিতৰণৰ উপৰি ই–ৰিক্সাৰ জৰিয়তে ঘৰে ঘৰে সুলভ মূল্যত খাদ্য যোগানৰ বাবেও আন এখন আঁচনি গ্রহণ কৰা হৈছিল৷ ইয়াৰ অধীনত শতাধিক ই–ৰিক্সা প্রদান কৰা হৈছিল৷ গুৱাহাটী, নলবাৰীকে ধৰি বিভিন্ন স্থানত এই ই–ৰিক্সাসমূহৰ জৰিয়তে ঘৰে ঘৰে খাদ্য যোগানৰ কাম আৰম্ভও হৈছিল৷ কিন্তু সম্প্রতি এই আঁচনিও সম্পূর্ণ নিষ্ক্রিয় হৈ পৰিছে৷ মুঠতে ক্রমাগতভাৱে নিয়ন্ত্রণহীন হৈ পৰা বজাৰ নিয়ন্ত্রণ কৰি ৰাজ্যবাসীক সকাহ দিবলৈ নতুন পৰিকল্পনাতো দূৰৰেই কথা, চলি থকা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰি ৰাইজক সকাহ দিবলৈও ব্যর্থ হৈ পৰিছে যোগান বিভাগ৷

You might also like