নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰি–বামুণীমৈদাম ৪৫ টকাকৈ আলু বিক্রী অসাধু ব্যৱসায়ীৰ

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নির্লিপ্ততা

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ  খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নির্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্রী চৰা দামত বিক্রী কৰি গ্রাহকক লুণ্ঠন চলাই আহিছে৷ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা লকডাউন–আনলকৰ সুযোগ লৈ বিগত প্রায় ৬ মাহ ধৰি ফাঁচীবজাৰৰ অনা–সমীয়া ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ অস্বাভাৱিক দাম বৃদ্ধি কৰিছে৷ শেহতীয়াকৈ ফাঁচী বজাৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে আলুৰ পাইকাৰী মূল্য বৃদ্ধি কৰাৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন স্থানত প্রতি কেজি আলু ৪২–৪৫ টকা দৰত বিক্রী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ কামৰূপ (ম) জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নির্লিপ্ততাৰ সুযোগ লৈ গণেশগুৰি, বামুণীমৈদাম আৰু মালিগাঁৱত গ্রাহকক প্রতি কেজি আলু ৪২ৰ পৰা ৪৫ টকা দৰত একাংশ ব্যৱসায়ীয়ে বিক্রী কৰি আহিছে৷ গুৱাহাটীৰ বজাৰত আগ্রা আৰু পশ্চিমবংগৰ পৰা অহা আলুৱে সর্বাধিক বিক্রী হয়৷ পশ্চিমবংগৰ পৰা অহা প্রতি কুইণ্টল আলুৰ পাইকাৰী মূল্য ২,৭০০ৰ পৰা ৩,০০০ টকা৷ আগ্রাৰ পৰা অহা প্রতি কুইণ্টল আলুৰ পাইকাৰী মূল্য ৩,৩০০ৰ পৰা ৩,৫০০ টকা৷ ‘আমাৰ দোকান’ৰ প্রতি কুইণ্টল আলুৰ পাইকাৰী মূল্য ২,৭০০ টকা৷ পশ্চিমবংগৰ আলু খুচুৰা ব্যৱসায়ীয়ে প্রতি কেজি ৩২ৰ পৰা ৩৫ টকাত বিক্রী কৰিব লাগে৷ আগ্রাৰ আলু খুচুৰা ব্যৱসায়ীয়ে প্রতি কেজি ৩৭ৰ পৰা ৪০ টকাত বিক্রী কৰিব লাগে৷ কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে পশ্চিমবংগ আৰু আগ্রাৰ আলু ৪২ৰ পৰা ৪৫ টকা দৰত বিক্রী কৰি আহিছে৷ অভিযোগ অনুসৰি, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ অসাধু বিষয়াৰে কমিছনৰ অংকৰে ফাঁচীবজাৰৰ অনা–সমীয়া বণিয়াই আলুৰ দাম বৃদ্ধি কৰিছে৷ এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like