নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষষ্ঠদশ বিধানসভা শুৱনি কৰিব ৪১ নতুন নির্বাচিত বিধায়কে

নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যত গঠনৰ দিশে আগবাঢ়িছে বিজেপি নেতৃত্বাধীন চৰকাৰ৷ মুঠ ১০২খন আসন দখল কৰি বিজেপি মিত্রজোঁটে ষষ্ঠদশ বিধানসভাত লাভ কৰিলে নিৰংকুশ বিজয়৷ ইয়াৰে বিজেপি দলে লাভ কৰিলে ৮২খন আসন, বিপিএফ দলে লাভ কৰিলে ১০খন আৰু ১০খন আসন লাভ কৰিলে অগপই৷

ইয়াৰ বিপৰীতে প্রধান বিৰোধী দল কংগ্রেছে লাভ কৰিলে ১৯খন আসন৷ বিৰোধী মিত্রজোঁটৰ অংশীদাৰী ৰাইজৰ দলৰ আসন হ’ল ২খন৷ ইয়াৰে শিৱসাগৰ বিধানসভা সমষ্টিত দলটোৰ সভাপতি অখিল গগৈ আৰু ধিং সমষ্টিৰ পৰা মেহবুব মুক্তাৰ বিধানসভালৈ নির্বাচিত হয়৷

উল্লেখ্য যে ষষ্ঠদশ বিধানসভালৈ এইবাৰ নির্বাচিত হৈছে ৪১গৰাকীকৈ নতুন বিধায়ক৷ এইবাৰ ৩২গৰাকী বিজেপি মিত্রজোঁটৰ প্রার্থী প্রথমবাৰৰ বাবে নির্বাচিত হৈছে৷ স্মর্তব্য যে এইবাৰৰ বিধানসভা নির্বাচনৰ বাবে বিজেপি দলে নতুন মুখৰ বহু প্রার্থীক প্রার্থিত্ব প্রদান কৰিছিল৷

যাৰ ফলত পঞ্চদশ বিধানসভাৰ বহুকেইগৰাকী প্রার্থী প্রার্থিত্বৰ পৰা বঞ্চিত হৈছিল৷ নতুন মুখৰ প্রার্থীক প্রার্থিত্ব প্রদান কৰি বিজেপি দল আৰু নেতৃত্বই প্রত্যাহ্বান গ্রহণ কৰিছিল৷ কিন্তু নতুন মুখৰ প্রার্থীসকলে দলীয় নেতৃত্বক নিৰাশ নকৰিলে৷ নতুন মুখৰ প্রার্থীসকলৰ ভিতৰত ষষ্ঠদশ বিধানসভালৈ কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ ৬টা বিধানসভা সমষ্টিৰ ৬টাতে বিজেপিৰ নতুন মুখৰ প্রার্থীসকল বিজয়ী হৈ আহিবলৈ সক্ষম হয়৷

ইয়াৰ ভিতৰত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী তুলিৰাম ৰংহাঙে ১১১নং ৰংখাং সমষ্টিত নিকটতম প্রতিদ্বন্দ্বী আগাষ্টিন ইংঘিক ৬০,২৪৩টা ভোটৰ ব্যৱধানত পৰাভূত কৰিবলৈ সক্ষম হয়৷ কার্বি আংলং জিলাৰ ১০৮নং বোকাজান সমষ্টিত সূর্য ৰংফাৰে ৰতন ইংতিক, ১০৯নং হাওৰাঘাট সমষ্টিত লুনছিং টেৰণে সঞ্জীৱ টেৰণক, ১১০নং ডিফু সমষ্টিত নিছ’ তেৰাংপিয়ে জে আই কাথাৰক, ১১২নং আমৰি সমষ্টিত ডাঃ হাবেই টেৰণে বিক্রম হান্সেক পৰাভূত কৰি প্রথমবাৰ বিধানসভালৈ নির্বাচিত হয়৷

আনহাতে এইবাৰ ডিমা হাছাওৰ একমাত্র বিধানসভা সমষ্টি হাফলঙত জেন–জি প্রার্থী ৰূপালী লাংথাছাই প্রাক্তন মন্ত্রী নন্দিতা গার্লোছাক ৫০ হাজাৰৰো অধিক ভোটত পৰাভূত কৰে৷ এইবাৰৰ নির্বাচনত বিজেপি মিত্রজোঁটৰ পৰা বিধানসভালৈ নির্বাচিত হৈছে শোভাৰাম বসুমতাৰী, হাগ্রামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰী, ৰূপম চন্দ্র ৰয়, পৱিত্র ৰাভা, টংকেশ্বৰ ৰাভা, অৰূপ কুমাৰ দে’, জীৱেশ ৰয়, ধর্মেশ্বৰ ৰয়, দীপক কুমাৰ দাস, ৰাজু মেচ, হিমাংশু শ্বেখৰ বৈশ্য, প্রকাশ চন্দ্র দাস, ড০ তপন দাস, বিজয় কুমাৰ গুপ্তা, নীলিমা দেৱী,, বিকন চন্দ্র ডেকা, জীৱন গগৈ, ময়ূৰ বৰগোহাঁই, ঋতুবৰণ শর্মা, মুনীন্দ্র দাস, ঋষিৰাজ হাজৰিকা, পুলক গোহাঁই, সূৰয দিহিঙীয়া, বিকাশ শইকীয়া, মিলন দাস আৰু মৃদুল কুমাৰ দত্ত৷

আনহাতে কংগ্রেছৰ পৰা প্রথমবাৰৰ বাবে বিধানসভাত প্রৱেশ কৰাসকলৰ ভিতৰত আছে পর্বতঝোৰাৰ আশ্রাফুল ইছলাম শ্বেইখ, ধুুবুৰীৰ বেবী বেগম, সৃজনগ্রামৰ নুৰুল ইছলাম, চামগুৰিৰ তাঞ্জিল হুছেইন, নাওবৈচাৰ ডাঃ জয়প্রকাশ দাস, আলগাপুৰ কাটলিচেৰাৰ জুবেইৰ আনম মজুমদাৰ, উত্তৰ কৰিমগঞ্জৰ জাকাৰিয়া আহমেদ আৰু দক্ষিণ কৰিমগঞ্জৰ আমিনুৰ ৰছিদ চৌধুৰী৷

উল্লেখ্য যে ষষ্ঠদশ বিধানসভা সমষ্টিত কংগ্রেছৰ হৈ এইবাৰ নাওবৈচাৰ পৰা নির্বাচিত জয়প্রকাশ দাস হ’ল একমাত্র হিন্দু বিধায়ক৷ আনহাতে দুধনৈৰ পৰা নির্বাচিত হোৱা টংকেশ্বৰ ৰাভা হ’ল ৰাভা স্বায়ত্তশাসিত পৰিষদৰো মুখ্য কার্যবাহী৷

ডিজিটেল ডেস্ক, ৬ মে’

You might also like