ভাগৱতাচাৰ্য তথা বেদাচাৰ্য মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ ধৰ্মমত, আদৰ্শ আৰু ৰীতি-নীতি সমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সংগঠিত উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ ৪৯সংখ্যক বাৰ্ষিক অধিৱেশনখন ৰামদিয়াৰ দেউৰীয়াপাৰাস্থিত শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত অহা ৭ আৰু ৮ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ যো-জা চলাইছে।
কাৰ্যসূচী অনুসৰি, প্ৰথম দিনা পুৱাৰ পৰা ঊষা কীৰ্তন, স্বচ্ছ ভাৰত অভিযান, ধৰ্মধ্বজা উত্তোলন, সংঘৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ৮ ফেব্ৰুৱাৰীত পুৱাৰ ভাগত বৃক্ষৰোপণ, ভাগৱত পাঠৰ পিছতে অনুষ্ঠিত হ’ব সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱিকা স্বপ্না দাসে। দিনৰ ভাগত অনুষ্ঠিতব্য মুকলি সভা উদ্বোধন কৰিব দীনমণি ভাণ্ডাৰ কায়স্থই।
উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি পুলিন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত উপস্থিত থাকিব স্মৃতিগ্ৰন্থ উন্মোচক মহাদেৱ, মুখ্য অতিথি সুদৰ্শন ঠাকুৰ, সন্মানীয় অতিথি ড০ দীপক কুমাৰ শৰ্মা, নিৰ্দিষ্ট বক্তা ড০ ৰঞ্জন চক্ৰৱৰ্তী, নৃপেন্দ্ৰ কুমাৰ ভাগৱতী। সন্ধিয়া বন্তি প্ৰজ্বলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
উক্ত অনুষ্ঠানত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজেন ৰবি দাস আৰু সাধাৰণ সম্পাদক হীৰক জ্যোতি মজুমদাৰে।
নিয়মীয়া বাৰ্তা, হাজো, ২ ফেব্ৰুৱাৰী :