নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছক এলাগী কৰি ৫ দলৰ ৰুদ্ধদ্বাৰ বৈঠক

মহাজোঁটত আসন বুজাবুজিক লৈ গুৰুতৰ সংঘাত

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ লক্ষ্যৰে কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চাই গঠন কৰা মহাজোঁটবন্ধনত আসন বুজাবুজিক কেন্দ্র কৰি প্রাৰম্ভিক পর্যায়তে উদ্ভৱ হৈছে জটিলতাৰ৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ৬টাকৈ দলৰ মহাজোঁটবন্ধনৰ কোনো কাম–কাজ আগবঢ়া নাই৷ এক কথাত ক’বলৈ গ’লে আসন বুজাবুজিৰ বিষয়টোক লৈয়েই মহাজোঁটবন্ধনত সৃষ্টি হোৱা সংঘাতে কার্যতঃ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ আনকি আজিলৈকে সমন্বয়ৰক্ষী সমিতিখনেই গঠন হোৱা নাই৷ বিগ ব্রাদাৰ কংগ্রেছে সর্বাধিক আসনত প্রতিদ্বন্দ্বিতা কৰিব বিচৰাৰ সমানে অংশীদাৰ দলসমূহে আশা কৰা ধৰণে আসন এৰি দিবলৈ সন্মত নোহোৱা বাবেই সমগ্র মহাজোঁটৰ বিষয়টো সম্প্রতি অনিশ্চয়তাৰ আৱর্তত সোমাই পৰিছে৷ এনে পৰিস্থিতি চলি থকাৰ সময়তে বৃহস্পতিবাৰে নিশাৰ ভাগত মহানগৰীৰ হোটেল লিলিত মিলিত হয় মহাজোঁটবন্ধনৰ অংশীদাৰ এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চাৰ নেতৃত্ব৷ বিগ ব্রাদাৰ কংগ্রেছক এলাগী কৰি এই ৫ ৰাজনৈতিক দলে তিনি ঘণ্টাৰো অধিক সময় ধৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ বৈঠকৰ অন্তত কংগ্রেছৰে সংঘাত ঢ়াকি ৰখাৰ চেষ্টা কৰি এ আই ইউ ডি এফৰ বিধায়িনী দলৰ নেতা তথা দলটোৰ সাধাৰণ সম্পাদক (প্রশাসন) হাফিজ বছিৰ আহমেদ কাছিমীয়ে জানিবলৈ দিয়া মতে, মহাজোঁটক কেনেদৰে অধিক শক্তিশালী কৰি আগুৱাই নিব পাৰে, সেই সম্পর্কত অংশীদাৰ দলকেইটাই আলোচনাৰ বাবেই আজি বৈঠকখনত মিলিত হয়৷ বৈঠকত তেওঁলোকে অচিৰেই মহাজোঁটৰ এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰাৰ ক্ষেত্রত সহমত পোষণ কৰে আৰু বিগ ব্রাদাৰ কংগ্রেছক সেই দাবী জনাই প্রস্তাৱ গ্রহণ কৰে৷ বৈঠকে মহাজোঁটক শক্তিশালী কৰাৰ ক্ষেত্রত কংগ্রেছ দলক অধিক গতিশীল ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ পুনৰ কয় যে সমন্বয়ৰক্ষী সমিতি গঠনৰ পাছত নূ্যনতম উমৈহতীয়া কর্মসূচী হ’ব আৰু সেই কর্মসূচী হোৱাৰ পাছতহে আটাইকেইটা দলৰ নেতৃত্বৰ মাজত আসন বুজাবুজিক লৈ আলোচনা হ’ব৷

সেইদৰে বৈঠকত অংশগ্রহণ কৰা আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই জানিবলৈ দিয়া মতে, মহাজোঁটক শক্তিশালী কৰাৰ বাবেই অংশীদাৰ ৫টা দলৰ নেতৃত্ব আজি আলোচনাত মিলিত হয়৷ আজিৰ বৈঠকতে তেওঁলোকে কংগ্রেছ নেতৃত্বক মহাজোঁটৰ সমন্বয়ৰক্ষী সমিতিখন অতি সোনকালে গঠনৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ ভূঞাৰ মতেও সমন্বয়ৰক্ষী সমিতি গঠনৰ পাছত নূ্যনতম উমৈহতীয়া কর্মসূচী যুগুতোৱা হ’ব আৰু তাৰ পাছতহে আসন বুজাবুজিৰ প্রসংগ আহি পৰিব৷ সাংসদ ভূঞাই লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক পুনৰ মহাজোঁটত অংশীদাৰ হ’বলৈ আহ্বান জনাই কয় যে কেৱল আঞ্চলিক দলৰ ঐক্যই বিজেপিক প্রতিহত কৰিব নোৱাৰে৷ এতিয়ালৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে মহাজোঁটলৈ অহা নাই যদিও অনাগত দিনত সময় আৰু পৰিস্থিতিৰ দাবীত বিজেপিৰ দৰে ডাঙৰ শত্রুক প্রতিহত কৰাৰ স্বার্থত সৰু শত্রুৰ সৈতে ঐক্যবদ্ধ হ’ব বুলি আশা প্রকাশ কৰে৷

ইফালে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে মুখ্যমন্ত্রীৰ প্রার্থী হিচাপে নির্বাচনৰ পূর্বে কাকো প্রক্ষেপ নকৰে বুলি কংগ্রেছৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিছে যদিও  বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ মুখত পৰৱর্তী মুখ্যমন্ত্রী পদৰ প্রার্থী হিচাপে উচ্চাৰিত হৈছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ নাম৷ বিৰোধী দলপতি শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে গৌৰৱ গগৈ মুখ্যমন্ত্রী পদৰ প্রার্থী হ’লে তেওঁ নিশ্চিতভাৱে সমর্থন আগবঢ়াব৷ দলৰ আন বিধায়কসকলে গৌৰৱ গগৈক যদি সমর্থন কৰে, তেওঁ নিজেও বিধায়ক হিচাপে সমর্থন আগবঢ়াব৷ তেওঁ আৰু কয় যে ভূপেন বৰা, ৰূপজ্যোতি কুর্মীক মুখ্যমন্ত্রী পদৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিলেও তেওঁ সমর্থন আগবঢ়াব৷ ৰূপজ্যোতি কুর্মী তিনিটা কার্যকালৰ জ্যেষ্ঠ বিধায়ক বুলি উল্লেখ কৰি শইকীয়াই কয় যে বিধায়ক হিচাপে ৰূপজ্যোতি কুর্মী তেওঁতকৈও জ্যেষ্ঠ৷ মন কৰিবলগীয়া এয়ে যে মুখ্যমন্ত্রী পদৰ প্রার্থীৰ ক্ষেত্রত বিৰোধী দলপতি শইকীয়াই গৌৰৱ গগৈ, ভূপেন বৰা, ৰূপজ্যোতি কুর্মীৰ নাম ল’লে যদিও এবাৰৰ বাবেও তেওঁ ৰিপুণ বৰা অথবা প্রদ্যুৎ বৰদলৈৰ নাম উল্লেখ নকৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ কংগ্রেছে গৌৰৱ গগৈক মুখ্যমন্ত্রীৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিবলৈ ওলোৱাৰ প্রসংগত এ আই ইউ ডি এফৰ হাফিজ বছিৰ আহমেদ কাছিমী আৰু আঞ্চলিক গণ মর্চাৰ অজিত কুমাৰ ভূঞাই এয়া কংগ্রেছ দলৰ দলীয় তথা আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে৷

You might also like