নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ : ফাগুনলৈ আৰু বেছি দিন নাই, মাজত মাত্ৰ দুটা মাহ। ফাগুনৰ বা লাগি আহিছে পঃৰাগৰ বতৰ। ফাগুন মানেই শস্য চপোৱাৰ শেষ, আৰু আহিবলগীয়া বসন্তৰ মৃদু আমেজ। ঠিক তেনে এটি মিঠা সময়ত, যেতিয়া প্ৰকৃতিয়ে পুৰণি পাত সলাই নতুন জীৱনৰ আৰম্ভণিৰ ইংগিত দিয়ে, তেতিয়াই মিচিং সমাজত উদ্যাপন হয় পঃৰাগৰ মহামিলন। আকাশ ফৰকাল, ৰাতি নিয়ৰসিক্ত আৰু দিন কোমল ৰ’দৰ পৰশত ধৰণী ধুনীয়া হোৱা সময়, অৰ্থাৎ অহা ফাগুনত গোলাঘাট জিলাৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং অফলাত পঃৰাগ উৎসৱ উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে।
বানে গৰকা গাঁওখনত এতিয়া এক উলহ-মালহ আৰু আধ্যাত্মিক পৰিৱেশ। মুক্তিযোদ্ধা ডুম্বি কামান লত্তা (ক্ষেত্ৰ) শ শ লোকৰ সমন্বয়থলীত পৰিণত হ’ল। কাৰণ অহা ২৬ ফাগুনৰ পৰা ৩০ ফাগুনলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে মুক্তিযোদ্ধা ডুম্বি কামান লত্তাত অনুষ্ঠিত হ’বলগীয়া মিচিং জনগোষ্ঠীৰ অতি পবিত্ৰ আৰু বৰ্ণাঢ্য উৎসৱ পঃৰাগৰ লাইখুঁটা মিচিংসকলৰ আৰাধ্য দেৱতা দঃঞি-পঃল (সূৰ্য আৰু চন্দ্ৰ)ক সাক্ষী কৰি স্থাপন কৰে। মিচিং সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে মিচিং পুৰোহিত মিবু বিপুল পেগুৱে মাংগলিক কাৰ্য সমাপন কৰাৰ পাছত লাইখুঁটা স্থাপনৰ মূল কাৰ্যভাগ সম্পন্ন কৰে মুখ্য মিগম আৰু বৰপোৱাৰীয়ে।
লাইখুঁটা স্থাপনৰ সময়ত ১নং অফলা গাঁৱৰ আবাল-বৃদ্ধা, ডেকা-গাভৰু, পুৰুষ-মহিলাসকলে মিচিং জাতীয় বস্ত্ৰ পৰিধান কৰি পৰিৱেশন কৰা গুমৰাগ নৃত্য, ঢোলৰ শব্দ আৰু ঐনিতমৰ মধুৰ সুৰেৰে মুখৰিত হৈ ডুম্বি কামান লত্তা। এই মনোমোহা সাংস্কৃতিক ধ্বনিয়ে অঞ্চলটোৰ আকাশ-বতাহ আনন্দময় আৰু উৎসৱমুখৰ কৰি তোলে।
লাইখুঁটা স্থাপনৰ সময়ত গুমৰাগ নৃত্য, ঢোলৰ শব্দ আৰু ঐনিতমৰ মধুৰ সুৰেৰে মুখৰিত কৰে। এই সাংস্কৃতিক ধ্বনিয়ে অঞ্চলটোৰ আকাশ-বতাহ আনন্দময় কৰি তোলে।
অনুষ্ঠানৰ বিশিষ্ট অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক তথা মিচিং আগম কৗবাঙৰ দেৰগাঁও বাংকেৰ সভাপতি ফনী পেগুৱে লাইখুঁটা আৰু পঃৰাগৰ ব্যাখ্যা দাঙি ধৰে।
তেওঁৰ ব্যাখ্যাই ৰাইজক মিচিং সংস্কৃতি আৰু পঃৰাগৰ মূল উদ্দেশ্য, সামাজিক ঐক্য, কৃষিৰ সফলতা আৰু জনজাতীয় জীৱনধাৰাৰ পৱিত্ৰতাৰ সম্যক ধাৰণা দিয়ে।
লাইখুঁটা স্থাপন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী তুতুমণি বৰি, আঞ্চলিক পঞ্চায়তৰ সদস্যা মৌচুমী টাইদ, ১ অফলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰিচন্দ্ৰ মৰাঙকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি।
উল্লেখযোগ্য ১নং অফলাত অনুষ্ঠিত হোৱা পঃৰাগৰ লাইখুঁটা স্থাপন পৰ্ব কেৱল এটা ৰীতি-নীতি নহয়, ই মিচিং সমাজৰ পৰম্পৰা, আস্থা আৰু সামাজিক ঐক্যৰ এক প্ৰতিফলন। আনহাতে, এই ৰং-ৰহইচৰ সাংস্কৃতিক পৰিৱেশে আগন্তুক বৰ্ণাঢ্য পঃৰাগ উৎসৱৰ বাৰ্তা কঢ়িয়াই আনে আৰু সমগ্ৰ অঞ্চলটোকে প্ৰস্তুতিৰ আমেজ দিয়ে।