কাইলৈ ছুপাৰ এইটৰ মেচত ভাৰতৰ সন্মুখত দক্ষিণ আফ্রিকা, দুই তাৰকাক লৈ চিন্তিত টীম ইণ্ডিয়া
নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : ভাৰতীয় ক্রিকেট দলে চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ–৮ত প্রৱেশ কৰিছে যদিও দলটোৰ সন্মুখত আছে কঠিন প্রত্যাহ্বান৷ ছুপাৰ–৮ত টীম ইণ্ডিয়া মুখামুখি হ’ব লাগিব দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ আৰু জিম্বাব’ৱেৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে৷
দক্ষিণ আফ্রিকা আৰু ৱেষ্ট ইণ্ডিজে ইতিমধ্যে টি–২০ বিশ্বকাপত দুর্দান্ত প্রদর্শন কৰি শক্তিশালী দল হিচাপে আত্মপ্রকাশ কৰিছে৷ আনহাতে, জিম্বাব’ৱেও অষ্ট্রেলিয়া আৰু শ্রীলংকাৰ দৰে শক্তিশালী দলক পৰাস্ত কৰি গ্রুপ পর্যায়ৰ পৰা আগবাঢ়ি আহি সকলোকে আচৰিত কৰিছে৷ এই পৰিস্থিতিত ছুপাৰ–৮ত সফল হ’বলৈ হ’লে ভাৰতীয় দলটোৱে পুনৰ নিজৰ সর্বোত্তম ছন্দলৈ ঘূৰি আহিব লাগিব৷
দেওবাৰে ছুপাৰ এইটৰ মেচত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দক্ষিণ আফ্রিকা। এই সময়ত বিশেষকৈ দুগৰাকী ক্রিকেটাৰৰ দুর্বল প্রদর্শন এতিয়া দলটোৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে৷ যদি তেওঁলোকে ছুপাৰ–৮ত নিজৰ খেল উন্নত কৰিব নোৱাৰে, তেন্তে ভাৰত গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ এই দুগৰাকী খেলুৱৈ হৈছে অভিষেক শর্মা আৰু তিলক বার্মা৷ চলিত টি–২০ বিশ্বকাপত এই দুয়োজন ক্রিকেটাৰেই আশা অনুসৰি প্রদর্শন কৰিব পৰা নাই৷ বাঁওহতীয়া অ’পেনাৰ অভিষেক শর্মাই এতিয়ালৈকে তিনিখন মেচ খেলি তিনিওখনতেই শূন্যত আউট হৈছে৷ তেওঁৰ বেটৰ পৰা এতিয়ালৈকে এক ৰানো হোৱা নাই, যিটো দলটোৰ বাবে অত্যন্ত হতাশাজনক৷ টি–২০ ক্রিকেটত এক নম্বৰ বেটাৰ হিচাপে ছুপাৰ–৮ত তেওঁ ডাঙৰ ইনিংছ খেলাটো অত্যাৱশ্যক, নহ’লে দলটোৰ আৰম্ভণি দুর্বল হোৱাৰ সম্ভাৱনা থাকিব৷
আনহাতে, তিনি নম্বৰ স্থানত বেটিং কৰা তিলক বার্মাই চাৰিখন মেচত মুঠ ১০৬ ৰান সংগ্রহ কৰিছে৷ যদিও তেওঁ প্রতিখন মেচতে ভাল আৰম্ভণি কৰিছে, তথাপি এতিয়ালৈকে ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই৷ তেওঁৰ সর্বোচ্চ স্ক’ৰ হৈছে ৩১ ৰান৷ ভাৰতীয় অনুৰাগীসকলে এতিয়া তেওঁৰ পৰা এটা দ্রুত আৰু দীঘলীয়া ইনিংছৰ আশা কৰিছে৷ সামগ্রিকভাৱে চাবলৈ গ’লে ছুপাৰ–৮ পর্যায়ত ভাৰতীয় দলৰ সফলতা এই দুগৰাকী যুৱ বেটাৰৰ প্রদর্শনৰ ওপৰত বহুলাংশে নির্ভৰ কৰিব৷