নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নয়াচৰাত পাঁচ শতাধিকৰ বিপিএফত যোগদান

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলৰে মানুহক পুনৰ নিজৰ দলতে যোগদান কৰাই নিজকে শক্তিশালী বুলি দেখুৱাই অহা বুলি মন্তব্য কৰাৰ পিছতে আজি এখন গাঁৱৰ লোকে ইউপিপিএল দল ত্যাগ কৰি বিপিএফত যোগদান কৰে । এই ঘটনা কোকৰাঝাৰ জিলাৰ পশ্চিম কোকৰাঝাৰ বিধানসভাৰ অন্তৰ্গত চিথিলা ভিচিডিচিৰ অন্তৰ্গত নয়াচৰা গাঁৱৰ । প্ৰকাশ যে আজি এই সন্দৰ্ভত নয়াচৰা গাঁৱত এখন যোগদান সভা অনুষ্ঠিত হয় । পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিপিএফ দলৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ উপস্থিতিত নয়াচৰা গাঁৱৰ পাঁচ শতাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । তেওঁলোকক দললৈ আদৰি লৈ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত এয়া দলৰ বাবে আনন্দৰ কথা বুলি উল্লেখ কৰে। তেওঁ নয়াচৰা গাঁওখন ইউপিপিএল শূন্য হোৱা বুলি উল্লেখ কৰি এতিয়াৰে পৰা বিপিএফ দলৰ হৈ কাম কৰিব বুলি তেওঁলোকে শপত লোৱা বুলিও জানিবলৈ দিয়ে । বিধায়ক নাৰ্জাৰীয়ে আজিৰ দিনটো কেন্দ্ৰীয় চৰকাৰৰ আহবান মৰ্মে সমগ্ৰ দেশতে যি আয়োজন চলিছে, তাৰ সমান্তৰালকৈ নয়াচৰা গাঁৱৰ পৰা ৰাজনৈতিকভাৱে ইউপিপিএল দলৰ চাফাই অভিযান আৰম্ভ কৰা বুলি মন্তব্য কৰে । তেওঁ আগন্তুক সময়ত বিপিএফ দলে পুনৰ বিটিচিৰ শাসনৰ দায়িত্ব বহন কৰিবলৈ সক্ষম হ’ব বুলি স্পষ্ট কৰি দিয়ে । তেওঁ বিপিএফ দলৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িছে বুলিও সদৰী কৰে । আজিৰ যোগদান সভাত বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ উপৰি বিপিএফ দলৰ কেন্দ্ৰীয় কোষাধ্যক্ষ দিলদাৰ আলী, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ডঃ ৰেজাউল কৰিম, ফকিৰাগ্ৰাম ব্লক বিপিএফৰ সভাপতি ইজামুল হকসহ বহুতো নেতা, সদস্য, কৰ্মী উপস্থিত থাকে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like