নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত এনডিএ বিধায়িনী দলৰ নেতা নিৰ্বাচিত নীতিশ কুমাৰ

উল্লেখ্য যে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাইলৈ নীতিশ কুমাৰে শপতগ্ৰহণ কৰিব

বিহাৰ বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত আজি এনডিএ জোঁটৰ সকলো নেতা উপস্থিত থাকে। বৈঠকত ঐকমত্য ৰূপত নীতিশ কুমাৰকেই বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়।

এনডিএ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত এতিয়া নীতিশ কুমাৰে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে নিজৰ শক্তিশালী স্থিতি প্ৰদৰ্শন কৰিব তাৰ পাছতেই তেওঁ নতুন চৰকাৰ গঠন কৰাৰ দাবী কৰিব।

নতুন বৈঠক আৰু সিদ্ধান্তৰ লগত বিহাৰত পুনৰ এবাৰ নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হ’ল।

উল্লেখ্য যে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাইলৈ নীতিশ কুমাৰে শপতগ্ৰহণ কৰিব।

ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ

You might also like