নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেমছাং ম’বাইল ব্যৱহাৰকাৰীলৈ সতর্কতা জাৰি কেন্দ্রৰ

বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : ছেমছাং গেলেক্সী ম’বাইল ফোন ব্যৱহাৰকাৰীলৈ অতিৰিক্ত সতর্কতা জাৰি কৰিছে কেন্দ্রীয় চৰকাৰে৷ ভাৰতীয় কম্পিউটাৰ জৰুৰী প্রশমন দল (চিইআৰটিইন)ৰ নিৰাপত্তা পৰামর্শ মতে ছেমছেং গেলেক্সী ম’বাইল ফোন নতুন মডেলেই হওক কিম্বা পুৰণিয়েই হওক, এই ম’বাইল ফোন বহুমুখী ভয়ানক নেতিবাচক প্রভাৱৰ দ্বাৰা আক্রান্ত হৈ আহিছে৷ এই ম’বাইল ফোনৰ পৰা গ্রাহকৰ গোপনীয় তথ্য অতি সহজতে হেকিং কৰি লৈ যাব পাৰে ৷ যোৱা ১৩ ডিচেম্বৰত কেন্দ্রীয় চৰকাৰে ছেমছাং গেলেক্সী ফোন ব্যৱহাৰকাৰীক সঘনাই তেওঁলোকৰ ডিভাইচটোৰ অপাৰেটিং ছিষ্টেম আপডেট কৰি থাকিবলৈ পৰামর্শ আগবঢ়াইছে৷

You might also like