নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনৰ পিছতেই ৰাজ্যৰ ৬২ লাখ পৰিয়াললৈ অৰুণোদয় : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ নিৰ্বাচনৰ পিছতেই ৰাজ্যৰ ৬২ লাখ পৰিয়ালক প্ৰদান কৰা হব অৰুণোদয় আঁচনিৰ ধন৷ অসমৰ ১৪খন লোকসভাৰ আসনেই যদি অসমৰ ৰাইজে নৰেন্দ্ৰ মোদীক যদি উপহাৰ দিয়ে তেন্তে অসমে দেশৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাবে প্ৰতিষ্ঠা লাভ কৰিব ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ প্ৰচাৰৰ অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ শিৱসাগৰ চহৰৰ মাজমজিয়াত আয়োজিত এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এনেদৰে কয়৷ আজি বিয়লি নলবাৰীৰ প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পৰা পোনে পোনে হেলিকপ্তাৰযোগে শিৱসাগৰত অৱতৰণ কৰি প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদেশ্য উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চহৰৰ মাজমজিয়াৰ কে পি চাৰিআলিৰ পৰা জনসমুদ্ৰৰে পৰিৱেষ্টিত এক বিশাল ৰোড শ্বত অংশগ্ৰহণ কৰে৷ এখন খোলা জীপত দুই সাংসদ ক্ৰমে পল্লৱ লোচন দাস, পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰীদ্বয় পীয়ূষ হাজৰিকা, ডাঃ ৰণোজ পেগু, বিধায়ক সুশান্ত বৰগোহাই, প্ৰাক্তন বিশায়ক কুশল দুৱৰীৰ সৈতে আগবঢ়া এই বিশাল ৰোড শ্বত প্ৰায় ত্ৰিশ হাজাৰতকৈও অধিক জনতাই অংশ গ্ৰহণ কৰে৷ শিৱসাগৰৰ ইতিহাসত অন্যতম অভিলেষ সৃষ্টি কৰা এই বিশাল ৰোড শ্বৰ সময়ত সমবেত হাজাৰ হাজাৰ জনতাই পথৰ দুয়োকাষৰ পৰা পুষ্পবৃষ্টিৰে মুখ্যমন্ত্ৰীগৰাকীক অভিবাদন জনায়৷ নগৰৰ কে পি চাৰিআলিৰ পৰা ঢোলে-ডগৰে, জনগোষ্ঠীয় নৃত্যৰে আদৰি অনা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰোড শ্বৱে ক্ৰমাৎ চহৰৰ অন্তঃভাগলৈ গমন কৰাৰ সময়ত হিলদৌল ভাঙি ওলাই অহা জনতাই জনসমুদ্ৰৰ সৃষ্টি কৰে সমগ্ৰ চহৰখনতেই৷ হাতে হাতে বিজেপিৰ পতাকা জোকাৰি আগবাঢ়ি যোৱা হাজাৰ হাজাৰ সমৰ্থকে আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক জনপ্ৰিয় গীতৰ তালে তালে নৃত্য কৰি সমগ্ৰ চহৰখনতেই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ শিৱসাগৰৰ ইতিহাসত অভূৰ্তপুব জনসমুদ্ৰ হিচাবে পৰিগণিত হোৱা আজিৰ এই বিশাল ৰোড শ্বৰ সময়ত মাত্ৰ দুই কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰোঁতে প্ৰায় দুঘন্টা সময় প্ৰয়োজন হয়৷ দেশৰ অন্যতম জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ ভিৰ কৰা জনতাৰ জনসমুদ্ৰত স্থৱিৰ হৈ পৰে সমগ্ৰ চহৰখনৰ স্বাভাৱিক যাতায়াত ব্যৱস্থা৷ ইয়াৰ পিছতেই পথৰ কাষৰ দুয়োপাৰৰ জনতাৰ পুষ্পবৃষ্টিৰ মাজেৰে শিৱদৌলৰ সন্মুখত থকা দলমুখ চাৰিআলিৰ অস্থায়ী মঞ্চত জনতাক সম্বোধি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মোৰ জীৱনৰ অন্যতম জনসমুদ্ৰ বুলি অভিহিত কৰি কয় যে বিধানসভা নিৰ্বাচনৰ পুৰ্বে আমি দিয়া প্ৰতিশ্ৰুতি অনুসৰি এক লাখ চৰকাৰী চাকৰি দিয়া হৈছে ৷ এই নিৰ্বাচনৰ পিছত আমি পুনৰ আৰু পঞ্চাশ হাজাৰ নিবনুৱাক চাকৰি দিম ৷ দুৰ্ণীতি মুক্ত অসমত আমি কোনো দুৰ্নীতিগ্ৰস্তকেই ৰেহাই নিদিওঁ৷ কেৱল আমাৰ কাৰ্য্যকালতেই দূৰ্নীতিত লিপ্ত তিনিশ বিষয়া-কৰ্মচাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে ৷ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় কৰিব খোজা নিবনুৱা যুৱক-যুৱতীলৈ দুই লাখ টকাৰ ঋন আগবঢ়োৱা হব৷ ইয়াৰে এক লাখ টকা চৰকাৰক ঘূৰাই দিব নালাগে৷ বাকী এক লাখ টকা পৰৱৰ্তী পাঁচ বছৰৰ পিছত মাহেকত দুহেজাৰকৈ এটকাও সূদ নিদিয়াকৈ ঘুৰাই দিব লাগিব ৷ঐতিহাসিক শিৱদৌল, বিষ্ণু দল আৰু দেৱী দলক সাক্ষী কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, বিজেপি দল আৰু চৰকাৰ দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণীৰ লগত আছে আৰু সদায়েই থাকিব৷ অসমত ইতিমধ্যে ৩০ লাখ মহিলাৰ একাউন্টত প্ৰতিমাহে অৰুণোদয় আঁচনিৰ ধন সোমাইছে৷ এই নিৰ্বাচনৰ পিছত আৰু অসমৰ ৬২ লাখৰ দৰিদ্ৰ পৰিয়ালে অৰুণোদয়ৰ ধন লাভ কৰিব বুলি শিৱদৌলৰ সন্মুখত থিয় হৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো৷ অহা বিশ তাৰিখৰ পিছতেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলাব ৷ এইবাৰ উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰীক বিনামূলীয়া নাম ভৰ্তি কৰাৰ লগতে প্ৰতিগৰাকীৰ বেংক একাউন্টত বছৰি দহ হাজাৰ টকাকৈ আদায় দিয়া হব৷ একেদৰে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীৰ একাউন্টতো বছৰি ২৫ হাজাৰকৈ টকা আদায় দিয়া হব ৷ এতিয়াৰ পৰা লৰাক পঢ়োৱাৰ দায়িত্ব অভিভাৱকে গ্ৰহণ কৰিব আৰু ছোৱালীৰ দায়িত্ব মামাই লব ৷ বৰ্তমান বিজেপি চৰকাৰৰ দিনত অসমৰ চাৰিওদিশে উন্নয়ন আৰু বিকাশ হৈছে৷ লোকসভা আৰু বিধানসভাত আমাৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলে দেশ আৰু জাতিৰ বিকাশৰ কথা কব ৷ তাৰ বাবে বিৰোধী পক্ষৰ আৱশ্যক নাই৷ বৰ্তমান যোৰহাটলৈ অহা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কলিয়াবৰ সমষ্টিত বিগত দহটা বছৰত উন্নয়নৰ বাবে একোৱেই নকৰিলে ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিৰোধী হিচাবে বিধানসভাত চিঞৰ বাখৰ কৰে যদিও তাত কোনেও গুৰুত্ব নিদিয়ে ৷ কাৰণ যি কোনো কথাত গুৰুত্বতা থাকিব লাগিব৷ অখিল গগৈৰ কথাত কোনো গুৰুত্বতাই নাই ৷ কেৱল বিধানসভাত উঠে আৰু বহে ৷ সংবাদ মাধ্যমৰ আগত মোক তুলাধূনা দিয়া অখিল গগৈয়ে প্ৰত্যোক নিশাই মোক ফোন কৰে ৷ সমষ্টিৰ বিকাশৰ বাবে অখিলক যদি বিজেপিৰ সহায় লাগে সেই কথা তেওঁ স্পষ্টকৈ ৰাইজক কব লাগে৷ এনেকুৱা দুমুখীয়া স্থিতি থকা বিধায়ক আমি ভাল নাপাওঁ৷ ৰংঘৰ আৰু তলাতল ঘৰৰ বৃহত প্ৰকল্পৰ কথা বিজেপিয়েহে চিন্তা কৰিছিল, অখিল গগৈয়ে নহয়৷ বৰপুখুৰী পাৰৰ পৰা জিলা কাৰাগাৰ স্থানান্তৰিত কৰি উক্তস্থানত সৌন্দৰ্য্যবৰ্ধনৰ অভিলাসী আচঁনিৰ ব্যৱস্থা গ্ৰহণ কৰিম৷ ৰংঘৰ আৰু তলাতল ঘৰৰ বৃহত প্ৰকল্প সম্পুৰ্ণ হলে শিৱসাগৰলৈ পৰ্য্যটকৰ সোঁত বব ৷ প্ৰধানমন্ত্ৰীক সংসদত গালি পৰা সাংসদে নিজা সমষ্টিত কেতিয়াও উন্নয়ন কৰিব নোৱাৰে৷ তাৰ বাবে আমাৰ দলৰ প্ৰাৰ্থীক জয়ী কৰাব লাগিব৷ শিৱসাগৰক অসমৰ ভিতৰতেই জাকত জিলিকা জিলা হিচাবে গঢ়ি তুলিবলৈ আমি সংকল্প গ্ৰহণ কৰিছো৷ যি সময়ত বিধায়ক অখিল গগৈয়ে বিধানসভাত গালি পৰাৰ বাদে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কোনো গুৰুত্বপুৰ্ণ প্ৰস্তাৱ তুলি ধৰিব পৰা নাই সেই সময়তেই শিৱসাগৰৰ বিজেপিৰ নেতা-কৰ্মীসকলে শিৱসাগৰৰ সৰ্বাংগীন বিকাশ-উন্নয়নৰ স্বাৰ্থত কেইবাটাও অতি গুৰুত্বপুৰ্ণ প্ৰস্তাৱ মোৰ সন্মুখত দিছে৷ নিৰ্বাচনৰ পিছতেই আগন্তক দিনকেইটাত উক্ত প্ৰস্তাৱসমুহ কাৰ্য্যকৰী কৰাৰ বাবে সকলো চেষ্টা চলোৱা হব বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সেই প্ৰস্তাৱৰ ভিত্তিত শিৱসাগৰত এখন ৰাষ্ট্ৰীয়মানৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠান, মেটেকা ঘাটত দিখৌ নদীৰ ওপৰত এখন নতুন দলং, ৰজাদিনীয়া যমুনাৰ সৌন্দৰ্য্যবৰ্ধন, শিৱসাগৰ অসামৰিক চিকিৎসালয়ক তিনিশখন বিছনা যুক্ত চিকিৎসালয়লৈ উন্নীত কৰণ, পুৰণি কপিকলযুক্ত দিখৌ দলঙৰ উপযুক্ত সংৰক্ষণ, ন-পুখুৰী, পুৰণি পুখুৰীৰ সোন্দৰ্য্যবৰ্ধন আৰু নামদাঙৰ শিল সাকোঁৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে ৷ আমাৰ নেতা নৰেন্দ্ৰ মোদী সূৰ্য্য ৷ মুখ্যমন্ত্ৰী হিচাবে মই সূয্যৰ পৰা লাভ কৰা পোহৰ লৈ সেই প্ৰস্তাৱসমুহ ৰূপায়িত কৰাৰ সৰ্বতো প্ৰকাৰে চেষ্টা কৰিম৷ প্ৰায় ত্ৰিশ হাজাৰ জনতাৰ হৰ্ষোধ্বনি আৰু উল্লাসৰ মাজেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিজেপি দল কেতিয়াও সাম্প্ৰদায়িক নহয়৷ শিৱসাগৰত অসমীয়া মুছলমানৰ বহু প্ৰতিনিধি আছে৷ অসমীয়া মুছলমানসকল কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন কালত কেৱল লাঞ্চিত হৈ আছিল৷ শিৱসাগৰৰ বহু মুছলমান পৰিয়াললৈ কংগ্ৰেছৰ আমোলতেই বিদেশীৰ নটিচ আহিছিল৷ কংগ্ৰেছৰ কোনো নেতাই এইসকল শিৱসাগৰৰ অসমীয়া মুছলমানৰ দূখ-বেদনা-অভাৱ-অভিযোগক উপলদ্ধি কৰাতো দূৰৈৰে কথা তিলমাত্ৰাও গুৰুত্ব নিদিলে৷ কিন্তু মোৰ মূখ্যমন্ত্ৰিত্বৰ কালত এই সকল অসমীয়া মুছলমানক খিলঞ্জীয়া হিচাবে স্বীকৃতি প্ৰদান কৰি তেওলোকৰ উন্নয়ন আৰু বিকাশৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে ৷ পুণৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু অখিল গগৈৰ তুষ্টিকৰণ ৰাজনীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি ডঃ শৰ্মাই কয় আমি প্ৰতিটো ধৰ্মৰ উপাসনাকেই সন্মান কৰো ৷ আমি ইছলামধৰ্মী সকলৰ নামাজক লৈ ভেকোঁ ভাওঁনা নকৰো ৷ যিহেতু নামাজ পঢ়াৰ পুৰ্বে কিছুমান নীতি নিয়ম পালন কৰা হয় ৷সেই নিয়ম গৌৰৱ-অখিলে পালন নকৰি ঈদৰ নামাজত অংশ গ্ৰহণ কৰা আন নামাজীৰ নামাজো ভংগ কৰিলে৷ বিজেপিয়েহে প্ৰকৃততে দেশ আৰু জাতিৰ উন্নয়ন সাধন কৰিব পাৰে৷ সেইয়েহে আমাৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰি তৃতীয়বাৰৰ নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাবে অধিষ্ঠিত কৰাই বিশ্ব গুৰু হিচাবে পৰিগণিত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আহব্বান জনায় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like