নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম পৰ্য্যায়ৰ পাঁচোখন আসনতেই বিজেপিৰ বিজয় নিশ্চিত : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত বিজেপিয়ে পাঁচোখন আসনতেই বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব৷ এই মন্তব্য ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি শিৱসাগৰত প্ৰচাৰৰ অন্তিম দিনা প্ৰাৰ্থী তপন গগৈৰ সৈতে অনুষ্ঠিত এখন বিশাল ৰোড শ্বৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে প্ৰতিটো লোকসভা সমষ্টিৰ ১০টাকৈ বিধানসভাত আমি জয়লাভ কৰিম৷ শিৱসাগৰ আৰু তিতাবৰ বিধানসভা সমষ্টিত আমি আন প্ৰতিদ্বন্দ্বী দলতকৈ ২৫ হাজাৰ ভোটত জয়ী হম৷ পাঁচটা লোকসভা সমষ্টিত পঞ্চাশখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিলো ৷ জনতাৰ পাৰভঙা উচাহত মই আপ্লুত হৈ পৰিছো ৷ সেই উচাহে আমাৰ জয়ৰ পথ নিশ্ছিত কৰিছে ৷ আমি যি প্ৰতিশ্ৰুতি প্ৰদান কৰো, সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত কৰি আহিছো ৷ হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিশ্ৰুতি নিদিয়ে ৷ সেই কথা মাতৃৰ গৰ্ভস্থ সন্তানেও জানে৷ হিমন্তৰ কথা শিলৰ ৰেখা ৷ হিমালয়েও মোৰ কথা সলনি কৰিব নোৱাৰে ৷ ৰাইজৰ আশীৰ্বাদ থাকিলে মই হিমালয়ৰ শৃংগতো আৰোহণ কৰিব পাৰিম৷ ইফালে সংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, কংগ্ৰেছত আণ্ডাৰ কাৰেন্ট থাকিব পাৰে৷ কিন্তু বিজেপি এতিয়া অভাৰ কাৰেন্টত আছে৷ সেই বাবেই আমি প্ৰতিটো নিৰ্বাচনতেই জয়লাভ কৰি আহিছো৷ অসমৰ পৰা প্ৰধানমন্ত্ৰী হোৱা ড০ মনমোহন সিং, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে কোনোদিন অসমীয়াৰ চেনেহৰ গামোচাখনক সন্মান কৰি পোৱা নাই৷ কিন্তু ৰাষ্ট্ৰনেতা নৰেন্দ্ৰ মোদীয়েহে অসমীয়াৰ স্বাভিমান গামোচাখনত বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ লগতে বিদেশ ভ্ৰমণৰ সময়ত অসমীয়াৰ গামোচাখনকেই ডিঙিত কঢ়িয়াই লৈ ফুৰিছে ৷ আনহাতে প্ৰিয়ংকাৰ ৰোডশ্বৰ প্ৰসংগ উত্থাপন কৰি ডঃ শৰ্মাই কয় যে প্ৰিয়ংকা গান্ধীৰ ৰোড শ্বতকৈ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সভাত বেছি মানুহ হৈছে৷ মই নিজেই তিতাবৰত অংশ গ্ৰহণ কৰা নিৰ্বাচনী সভাত প্ৰিয়ংকা-গৌৰৱতকৈ সাত আঠগুণ বেছি মানুহৰ জনসমাগম হৈছে৷ বিজেপিয়ে কংগ্ৰেছৰ বেংক একাউন্ট ছীল কৰাৰ বাবে কংগ্ৰেছৰ আজি ৰেলৰ টিকট ক্ৰয় কৰিবলৈও ৰাহুল গান্ধীয়ে সততে অভিযোগ কৰাৰ সময়তেই প্ৰিয়ংকা গান্ধীয়ে তিতাবৰত প্ৰচাৰ চলাবলৈ কেনেকৈ চাৰ্টাড বিমানত উঠি আহিবলৈ সক্ষম হ’ল বুলি বিস্ফোৰক প্ৰশ্ন উত্থাপন কৰে৷ আজি পুৱা শিৱসাগৰত আয়োজিত এখন সংবাদ মেলত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক পাপী বুলি অভিহিত কৰা কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে আমাৰ দৰে পাপীক ৰাইজে মৰম আৰু আশীৰ্বাদ কৰাৰ বাবেই পাঁচবাৰকৈ বিধায়ক হোৱাৰ লগতে মুখ্যমন্ত্ৰী হৈ অসমৰ ৰাইজক সেৱা কৰাৰ সুযোগ পাইছো৷ শিৱসাগৰত লাখ লাখ মানুহে এই পাপীক মৰম আশীৰ্বাদ দিবলৈ ওলাই আহিছে ৷ মই পাপী হৈয়ে জনতাৰ মাজত থাকিম অখিল গগৈ পুণ্যত্মা হৈয়ে থাকক ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like