নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ এপ্রিল, ব’হাগ মাহৰ ৫ তাৰিখ
বৃহস্পতিবাৰঃ তিথি– শুক্লা দশমী, নক্ষত্রঃ অশ্লেষা, যাত্রাঃ শুভ

মেষঃ পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

বৃষঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত নতুন প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

মিথুনঃ সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব৷ ব্যৱসায় বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ বিদ্যাত জটিলতা দেখা দিব৷ সৰু–সুৰা ভ্রমণ আছে৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷

কর্কটঃ আর্থিকত বিশেষ অসুবিধা দেখা নাযায়৷ প্রাপ্য ধন আদায় কৰিব পাৰিব৷ কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷

সিংহঃ যান–বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থলাভৰ যোগ৷ পাৰিবাৰিক শুভ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব৷ বিদ্যাত থকা জটিলতা দূৰ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

কন্যাঃ পাৰিবাৰিক দিশত কোনো শুভকার্য সম্পন্ন হোৱা সম্ভাৱনা আছে৷ ব্যৱসায়ত বেয়া দেখা নাযায়৷ বেচৰকাৰী চাকৰিয়ালসকলে কর্মক্ষেত্রত বাধা পাব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

তুলাঃ ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ সহযোগী বন্ধুৰ পৰা আনন্দ পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

বৃশ্চিকঃ অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব৷ স্বামী–স্ত্রীৰ মাজত মতানৈক্য৷ যান–বাহনৰ দ্বাৰা আঘাত পাব পাৰে গতিকে চাই–চিতি যাত্রা কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

ধনুঃ বন্ধুবর্গৰ লগত সু–সম্পর্ক স্থাপন৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা৷ ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

মকৰঃ এই সময়ত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ কর্মচাৰীসকলৰ বাবে বিশেষ শুভ৷ বিদ্যাত যোগ বাঢ়িব৷ প্রেমত সমস্যাৰ সন্মুখীন হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

কুম্ভঃ ভাই–ভনীৰ পৰা সমাদৰ পাব৷ দিনটোত ধনৰ কষ্ট পাব পাৰে৷ প্রেমত সতর্ক হওক৷ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

মীনঃ ধনাগম বৃদ্ধি পাব৷ গাত বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব৷ যাত্রাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

You might also like