৬ জনগোষ্ঠীৰ জনজাতিকৰণক নির্বাচনৰ সৈতে সাঙুৰিব নালাগেঃ ড০ শর্মা
জনজাতিকৰণৰ বিৰোধিতা কৰা সংগঠনৰে মন্ত্রীগোটৰ বৈঠক
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত পুনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ তৎপৰতা গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ ছয় জনগোষ্ঠী– মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত ৰাজ্য চৰকাৰৰ কেবিনেট উপ–সমিতিয়ে বৃহস্পতিবাৰে এক বৈঠক অনুষ্ঠিত কৰে৷ উল্লেখ্য যে জনজাতিকৰণ সন্দর্ভত গঠন হোৱা মন্ত্রীগোটে চলিত মাহতে কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিব এক প্রতিবেদন৷ এই প্রতিবেদন প্রস্তুতৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে গুৰুত্বপূর্ণ বৈঠকখন৷ মন্ত্রীগোটৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত বুধবাৰে খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত জনজাতিকৰণৰ বিৰোধিতা কৰা ৮ সংগঠনৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়৷ উমৈহতীয়া মঞ্চ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অহা ৮ সংগঠনৰ প্রতিনিধিয়ে অংশগ্রহণ কৰা বৈঠকখনত স্বীকৃত জনজাতিসমূহৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত ৰখাৰ দাবী উত্থাপন হয়৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণে যাতে বর্তমানৰ জনজাতিসকলে বর্তমানে ভোগ কৰি থকা সা–সুবিধা তথা ৰাজনৈতিক অধিকাৰ খর্ব নহয়, সেই দিশত নজৰ দিবলৈ মন্ত্রীগোটক সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনায়৷ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে এই সন্দর্ভত জনায় যে বৈঠকত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ফলত যাতে স্বীকৃত জনজাতিসকলে ভোগ কৰি অহা অধিকাৰ খর্ব নহয়, তাৰ বাবে এই বৈঠকত বিশেষভাৱে দাবী উত্থাপন কৰা হয়৷ কোনো কাৰণতে নতুন জনজাতিকৰণৰ ফলত আমাৰ সাংবিধানিক তথা ৰাজনৈতিক অধিকাৰ খর্ব হ’ব নালাগে৷ এই কথা আজি স্পষ্ট কৰি দিয়া হৈছে৷
ইফালে বৈঠকৰ অন্তত কেবিনেট উপ–সমিতিৰ অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে জনজাতিকৰণৰ বিষয়টো নির্বাচনৰ সৈতে সংযুক্ত হৈ থকা নাই৷ জনজাতিকৰণৰ বিৰোধিতা কৰা আৰু জনজাতিকৰণৰ দাবী তোলা উভয় সংগঠনৰ সৈতে আলোচনা কৰি তেওঁলোকৰ মাজত থকা মত পার্থক্যসমূহ দূৰ কৰাৰ বাবেহে প্রচেষ্টা চলাই থকা হৈছে৷ তেওঁ কয়– যোৱা ২০ ছেপ্টেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক মুখ্যমন্ত্রী আৰু মই সাক্ষাৎ কৰাৰ সময়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত আলোচনা কৰিছিলোঁ৷ সেই আলোচনা কালতে জনজাতিকৰণৰ ক্ষেত্রত মন্ত্রীগোটৰ প্রতিবেদন এমাহৰ ভিতৰত দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ সেইমর্মে বর্তমানৰ জনজাতিসকল আৰু যি ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী তুলিছে, তেওঁলোকৰ সৈতে দুদিনীয়া বৈঠকত পৃথকে পৃথকে বিষয়বোৰ আলোচনা কৰা হ’ব৷ এই বৈঠকত ৮টা জনগোষ্ঠীৰ লগত আলোচনা কৰা হ’ল৷ আনহাতে, আজি ৬টা জনগোষ্ঠীৰ লগত আলোচনা কৰা হ’ব৷ এই বৈঠকৰ পাছতেই এমাহৰ ভিতৰতে মন্ত্রীগোটৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰক অর্পণ কৰা হ’ব৷ এই সন্দর্ভত মন্ত্রী ড০ শর্মাই ইয়াকো
উল্লেখ কৰে যে জনজাতিকৰণ সম্পর্কত কিছু মত পার্থক্য আছে৷ জনজাতিকৰণৰ বিৰোধিতা কৰাসকলৰ মত আৰু জনজাতিকৰণৰ দাবী কৰাসকলৰ মতৰ মাজত যি পার্থক্য আছে, এই পার্থক্যবোৰ দূৰ কৰাটো হ’ব আমাৰ লক্ষ্য৷ আনহাতে, জনজাতিকৰণৰ সমগ্র বিষয়টো পুনৰ নির্বাচনৰ প্রাকমুহূর্তত সক্রিয় হৈ পৰা বুলি চলা চর্চা সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– এই বিষয়টো নির্বাচনৰ সৈতে সাঙুৰিব নালাগে৷ কিয়নো বিষয়টোৰ লগত এক সামাজিক সম্পর্ক আছে৷ সামাজিক সদ্ভাবৰ কথা আছে৷ জনজাতিকৰণ নির্বাচনৰ আগতো হ’ব পাৰে, পাছতো হ’ব পাৰে৷ হয়তো মত পার্থক্য আঁতৰ কৰিব নোৱাৰিলে কেন্দ্রীয় চৰকাৰৰ পর্যায়ত পুনৰ আলোচনা কৰিব লাগিব৷ ৰাজ্যিক পর্যায়ত আমি যিবোৰ মত পার্থক্য তথা ত্রুটি আছে, সেইবোৰ সমাধান কৰাৰ চেষ্টা চলাম৷ যদি সমস্যাটো দূৰ নহয়, তেন্তে কেন্দ্রৰ হস্তক্ষেপ ল’ব লাগিব৷
উল্লেখ্য যে জনজাতিকৰণ সন্দর্ভত কেবিনেট উপ–সমিতিয়ে ইতিমধ্যে কেইবাখনো বৈঠক সম্পন্ন কৰি জনজাতিকৰণৰ বিভিন্ন দিশৰ ক্ষেত্রত এলানি সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ সূত্র অনুসৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত ৰাজ্য চৰকাৰে প্রতিটো জনগোষ্ঠীৰ বাবে পৃথকে পৃথকে এলানি পৰামর্শ কেন্দ্রীয় চৰকাৰলৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত লৈছে৷ সেই অনুসৰি চাহ জনগোষ্ঠীৰ ক্ষেত্রত দেশৰ আন ৰাজ্যৰ চাহ জনগোষ্ঠীয়ে যি মর্যাদা লাভ কৰি আছে, অসমতো সেই মর্যাদা প্রদান কৰা হ’ব৷ একেদৰে কোচ ৰাজবংশীসকলে পশ্চিমবংগত অনুসূচিত জাতিৰ মর্যাদা লাভ কৰি আছে যদিও অসমত তেওঁলোকক অনুসূচিত জনজাতিৰ মর্যাদা প্রদান কৰা হ’ব৷ আনহাতে, মৰাণ, মটক, তাই আহোম আৰু চুতীয়া জনগোষ্ঠীকেইটাক স্বীকৃত জনজাতিসমূহৰ দৰে অনুসূচিত জনজাতিৰ মর্যাদা প্রদানৰ বাবে কেন্দ্রীয় চৰকাৰক পৰামর্শ আগবঢ়োৱাৰ সম্ভাৱনা আছে৷ সূত্রটোৱে অৱশ্যে এইক্ষেত্রত স্পষ্ট কৰে যে আজি আৰু কাইলৈৰ বৈঠকৰ পাছতেই এইক্ষেত্রত মন্ত্রীগোটে এলানি চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ আজি অনুষ্ঠিত বৈঠকত কেবিনেট উপ–সমিতিৰ সদস্য সচিব মন্ত্রী চন্দন ব্রহ্ম, সমিতিৰ সদস্য ফণীভূষণ চৌধুৰী আৰু অতুল বৰাৰ লগতে ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷ আনহাতে, কাইলৈ একে স্থানতে ছয় জনগোষ্ঠীৰ দাবী তুলি অহা জনজাতিসমূহৰ প্রতিনিধিৰ সৈতে আন এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব৷