নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত চেপা উত্তেজনা, অসমৰ ভূমিত দলং-ঘৰ নিৰ্মাণৰ চেষ্টা মিজোৰ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ অসমৰ ভূমি পুনৰ দখলৰ চেষ্টা চলাইছে মিজোৰামে। সীমান্তৰ লাইলাপুৰত মিজো নাগৰিকে অসমৰ কেইবাকিলোমিটাৰলৈ ভূমি বেদখল কৰিছে। ভূমি বেদখলৰ লগতে ঘৰ-দলং নিৰ্মাণৰো চেষ্টা চলায় মিজো লোকে।

অৱশ্যে কাছাৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ হস্তক্ষেপৰ বাবে নিৰ্মাণকাৰ্য স্তব্ধ হৈছে যদিও ইতিমধ্যে অঞ্চলৰ প্ৰায় ২ কিলোমিটাৰ অঞ্চল দখল কৰিছে মিজোৰামে। আনহাতে কাছাৰ উপায়ুক্তৰ প্ৰবল বাধাৰ বাবে নিৰ্মাণকাৰ্য স্থগিত ৰাখে যদিও নিশাৰে পৰা শ শ মিজো লোককে ধৰি মিজো আৰক্ষী গোট খায় সীমান্তৱৰ্তী অঞ্চলটোত। সম্প্ৰতি চেপা উত্তেজনাই বিৰাজ কৰিছে সীমান্তৱৰ্তী অঞ্চলটোত।

You might also like