নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুবিহুৰ দিনাই শোকাৱহ ঘটনা, নৈত সলিল সমাধি ৭ চফল ডেকা-গাভৰুৰ

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ গৰু বিহুৰ দিনাই ৰাজ্যত সংঘটিত হ’ল দুই শোকাৱহ ঘটনা। প্ৰথমটো ঘটনা বিশ্বনাথত সংঘটিত হয়। বিশ্বনাতৰ চতিয়াত ঘিলাধাৰী নদীত গা ধুবলৈ গৈ চতিয়াৰ পুৰণি গাঁওৰ দুই ভাতৃ-ভগ্নী ক্ৰমে ভাৰ্গৱ মন্ত্ৰী (২১) আৰু সুকন্যা মন্ত্ৰী (২২)ৰ সলিল সমাধি ঘটে।

একেটা ঘটনাতে চতিয়াৰ ভকত গাঁৱৰ মৌচুম ওজা (২৪), অভিজিত ওজা (২৪) আৰু বিকাশ হাজৰিকাও (২৪) মৃত্যুমুখত পৰে। নদীখনত গা ধুবলৈ যাওঁতে নদীৰ ঘুলিত পৰি আটায়ে প্ৰাণ হেৰুৱাই বুলি জানিব পৰা গৈছে। আনহাতে ডিব্ৰুগড়তো গৰুৰ গা ধুৱাবলৈ গৈ দুই যুৱকৰ সলিল সমাধি ঘটে।

জিলাখনৰ বৰবৰুৱা থানাৰ অন্তৰ্গত চেচুঘাটৰ বাঁহৰ দলঙৰ কাষত বুঢ়ী দিহিঙত গৰুক গা ধুৱাবলৈ গৈ দুই যৱক নদীটোত সন্ধানহীন হৈ পৰে। স্থানীয় ৰাইজে সলিল সমাধি ঘটা বুলি সন্দেহ কৰা দুই যুৱক হৈছে শিৰোমণি বৰা আৰু চানু খনিকৰ। ৰাইজে বুঢ়ী দিহিং নদীৰ বুকুত উদ্ধাৰৰ বাবে অভিযান চলাইছে যদিও সম্ভেদ পোৱা নাই।

দুই যুৱকক উদ্ধাৰৰ বাবে জিলা উপায়ুক্তই এছ ডি আৰ এফ বাহিনী প্ৰেৰণ কৰিছে ঘটনাস্থলীলৈ। দুয়োটা ঘটনাই স্থানীয় অঞ্চলবাসীৰ লগতে ৰাজ্যবাসীকে শোকাহত কৰিছে।

You might also like