নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপৰিয়ালে ৰঙালী বিহুৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি জো বাইডেনে

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ অসমৰ জাতীয় উৎসৱ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনে। বাইডেনে আজি নিজৰ ফেচবুক একাউণ্টযোগে তেওঁ আৰু পত্নী জিল বাইডেনৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাই এক বাৰ্তা প্ৰেৰণ কৰে।

বাইডেনে লগতে দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বহুকেইটা সম্প্ৰদায়লৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে নৱবৰ্ষই সকলোৰে পৰিয়াললৈ সমৃদ্ধি আৰু পোহৰ অনাৰ আশা কামনা কৰে। উল্লেখ্য, অসমীয়াৰ নৱবৰ্ষ ব’হাগৰ উৎসৱ ৰঙালী বিহুৰ লগতে দক্ষিণ এছিয়া তথা দক্ষিণ পূব এছিয়া নিৱাসী বহু সম্প্ৰদায়েও ভিন্ন উৎসৱৰ মাজেৰে নৱবৰ্ষ পালন কৰে।

Jill and I send our warmest wishes to the many South Asian and Southeast Asian communities celebrating Vaisakhi,…

Posted by President Joe Biden on Tuesday, April 13, 2021

You might also like