নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ বছৰৰ ভিতৰত বনবিভাগত হ’ব ব্যাপক সংস্কাৰ; নাথাকে বিট অফিচঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ৭ জুলাইঃ ৭২সংখ্যক ‘বন মহোৎসৱ সপ্তাহ’ৰ আজি অন্তিম দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপৰ চাংসাৰিত এইমছ নিৰ্মাণ ক্ষেত্ৰত পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা আয়োজিত বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই বন বিভাগত বৃহৎ সংস্কাৰ সাধনৰ পোষকতা কৰি বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বামুণী পাহাৰত হাতীৰ মৃত্যুৰ দুখজনক ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।

পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ নিৰ্দেশ দি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত হেমাহি প্ৰদৰ্শন কৰা বন বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

কেম্পা (CAMPA) আৰু অন্যান্য জৈৱ-বৈচিত্ৰ্য প্ৰকল্পৰ অধীনত গছপুলি ৰোপণৰ কাৰ্যসূচীৰ সত্যতা পৰীক্ষণৰ বাবে ড্ৰোন জৰীপ আৰম্ভ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিধায়কসকল ক্ৰমে দিগন্ত কলিতা, সুমন হৰিপ্ৰিয়া, হেমাংগ ঠাকুৰীয়া আৰু নন্দিতা দাসেও অংশগ্ৰহণ কৰে।

You might also like