নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম পর্যায়ত ৭৩ শতাংশৰ ভোটদান

🔹 ইভিএমত বন্দী সর্বানন্দ–লুৰিণজ্যোতি-গৌৰৱ-তপনসহ ৩৫ প্রার্থীৰ ভাগ্য

বিশেষ বাৰ্তা, ২০ এপ্রিল : ভোটাৰৰ অভূতপূর্ব অংশগ্রহণেৰে সামৰণি পৰিল ৰাজ্যৰ প্রথম পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ৷ পাঁচটা সমষ্টিত অনুষ্ঠিত নির্বাচনত হাইপ্রফাইল নেতাসহ ৩৫গৰাকী প্রার্থীৰ ভাগ্য ইভিএমত বন্দী হ’ল৷ কাজিৰঙা, যোৰহাট, ডিব্রুগড়, লখিমপুৰ আৰু শোণিতপুৰ উজনিৰ এই পাঁচটা সমষ্টিত অনুষ্ঠিত নির্বাচনত প্রতিটো ভোটকেন্দ্রত পৰিলক্ষিত হয় ভোটাৰৰ বিশেষ সঁহাৰি৷ নির্বাচন আয়োগৰ নিশা ১১ বজাৰ তথ্য অনুসৰি অসমৰ ৫ সমষ্টিত ভোটদানৰ হাৰ প্রায় ৭২.৫৩ শতাংশ৷ অর্থাৎ, এই পাঁচটা সমষ্টিৰ ৭৩ শতাংশ নাগৰিকে কালি গণতন্ত্রৰ উৎসৱত নিজকে চামিল কৰে৷ অৱশ্যে অসমৰ মুখ্য নির্বাচন বিষয়াৰ কার্যালয়ে সামগ্রিক তথ্য লাভৰ পিছত এই হাৰ কিছু বৃদ্ধি পাব পাৰে৷ উল্লেখ্য যে বিগত ১৫ দিন নির্বাচনী প্রচাৰে সৃষ্টি কৰা উখল–মাখল পৰিৱেশৰ পিছত কালি উজনিৰ পাঁচোটা সমষ্টিত পুৱাৰে পৰা প্রতিটো ভোটগ্রহণ কেন্দ্রত পৰিলক্ষিত হ’ল ভোটাৰৰ বিশেষ উৎসাহ–উদ্দীপনা৷ ভোটদানৰ পিছত ইভিএমত ভাগ্য বন্দী হোৱা প্রার্থীসকলৰ ভিতৰত অন্যতম আছে কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ শীর্ষ নেতা সর্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, সাংসদ তপন গগৈ, প্রদান বৰুৱা, কংগ্রেছৰ সাংসদ গৌৰৱ গগৈ, প্রাক্তন মন্ত্রী তথা বিজেপি প্রার্থী ৰঞ্জিত দত্ত আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ৷ প্রথম পর্যায়ৰ নির্বাচনত যথেষ্ট আকর্ষণীয় হৈ পৰিছিল যোৰহাট সমষ্টি৷ এই সমষ্টিটোৰ পৰা প্রতিদ্বন্দ্বিতা কৰা কংগ্রেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্র প্রত্যাহ্বান সৃষ্টি কৰিছে বিজেপিয়ে৷ বিগত সময়ছোৱাত চর্চাৰ কেন্দ্রবিন্দু হৈ পৰা যোৰহাট সমষ্টিৰ ১০টা বিধানসভা সমষ্টিৰ ভিতৰত কালি সর্বাধিক ভোটদানৰ হাৰ হয় ডিমৌ সমষ্টিত৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি, ডিমৌ সমষ্টিত কালি ভোটদানৰ হাৰ হৈছে ৮০.৯২৷ আনহাতে, তিতাবৰ সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৯.৫০৷ একেদৰে ডিব্রুগড় সমষ্টিত ভোটদানৰ হাৰ সর্বাধিক হৈছে চাবুৱা–লাহোৱাল সমষ্টিত৷ এই সমষ্টিটোত ভোটদানৰ হাৰ হ’ল ৭৪.৮০ শতাংশ৷ একেদৰে কাজিৰঙা সমষ্টিৰ কলিয়াবৰ বিধানসভা সমষ্টিত সর্বাধিক ভোটদানৰ হাৰ ৮০.৬২ শতাংশ৷ লখিমপুৰ সমষ্টিত সর্বাধিক ভোটদানৰ হাৰ হৈছে ঢকুৱাখনা বিধানসভা সমষ্টিত৷ সমষ্টিটোত ভোটদানৰ হাৰ হৈছে ৭৬.৬৩ শতাংশ৷ শোণিতপুৰ সমষ্টিৰ অন্তর্গত গহপুৰ বিধানসভা সমষ্টিত সর্বাধিক ভোটদান হয়৷ সমষ্টিটোত ভোটদানৰ হাৰ ৭৮.১১ শতাংশ৷ মন কৰিবলগীয়া যে প্রথম পর্যায়ৰ নির্বাচনত মুঠ ভোটদাতাৰ সংখ্যা হ’ল ৮৬,৪৭,৮৬৯গৰাকী৷ ইয়াৰে ৪২,৮২,৮৭৭জন পুৰুষ, ৪৩,৬৮,৮৫৯গৰাকী মহিলা ভোটাৰ আৰু ১২৩গৰাকী তৃতীয় লিংগৰ৷ প্রথম পর্যায়ত সর্বাধিক প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে কাজিৰঙা সমষ্টিৰ পৰা৷ এই সমষ্টিটোৰ পৰা ১১গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ প্রার্থীসকলৰ ভিতৰত হৈছে বিজেপিৰ কামাখ্যা প্রসাদ তাছা, কংগ্রেছৰ ৰ’জলিনা তির্কী, ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ অণিমা ডেকা গুপ্তা, অসম জনমর্চাৰ চেলিম আহমেদ, ৰিপাব্লিকান পার্টী অৱ ইণ্ডিয়া (আঠাৱালে)ৰ ছালেহ আহমেদ মজুমদাৰ৷ ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্র মালাকাৰ, নির্দলীয় আব্দুল হক, জ্যোতিষ্ক ৰঞ্জন গোস্বামী, ত্রিদিবজ্যোতি ভূঞা, দিলোৱাৰ বেগম চৌধুৰী আৰু বিনোদ গগৈ৷ শোণিতপুৰ সমষ্টিৰ বাবে আঠগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ এই প্রার্থীকেইগৰাকী হৈছে বিজেপিৰ ৰঞ্জিত দত্ত, কংগ্রেছৰ প্রেমলাল গঞ্জু, আম আদমী পার্টীৰ ঋষিৰাজ কৌণ্ডিল্য, বিপিএফৰ ৰাজু দেউৰী, বহুজন মহাপার্টীৰ আলম আলী, ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ ৰামেশ্বৰ স্বর্গীয়াৰী, গণ সুৰক্ষা পার্টীৰ ৰিংকু ৰয় আৰু নির্দলীয় প্রার্থী প্রদীপ ভাণ্ডাৰী৷ লখিমপুৰ সমষ্টিৰ বাবে ৯গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ তেওঁলোক হৈছে– বিজেপিৰ প্রদান বৰুৱা, কংগ্রেছৰ উদয় শংকৰ হাজৰিকা, তৃণমূল কংগ্রেছৰ ঘনকান্ত চুতীয়া, কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়াৰ হীৰেন কছাৰী, ছ’চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়াৰ পল্লৱ পেগু, ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ বীৰেন বাইলুং, নির্দলীয় গোবিন্দ বিশ্বকর্মা, দেৱনাথ পাইপ আৰু বিক্রম ৰামচিয়াৰী৷ যোৰহাট সমষ্টিৰ বাবে চাৰিগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ তেওঁলোক হৈছে বিজেপিৰ তপন কুমাৰ গগৈ, কংগ্রেছৰ গৌৰৱ গগৈ, একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্র সন্দিকৈ আৰু নির্দলীয় ৰাজকুমাৰ দুৱৰা৷ ডিব্রুগড় সমষ্টিত তিনিগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ বিজেপিৰ সর্বানন্দ সোণোৱাল, অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু আম আদমী পার্টীৰ মনোজ ধানোৱাৰ৷ প্রথম পর্যায়ৰ নির্বাচনত মুঠ ১০,০০১টা ভোটকেন্দ্রত ভোটদান সম্পন্ন হয়৷ ইয়াৰে ৯২টা ভোটগ্রহণ কেন্দ্রক আদর্শ ভোটগ্রহণ কেন্দ্র হিচাপে চিহ্ণিত কৰাৰ বিপৰীতে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্রৰ সংখ্যা হৈছে ১১টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্রৰ সংখ্যা হৈছে ৭৫২টা৷ যোৰহাটত  মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্রহণ কেন্দ্রত ভোট প্রদান কৰে গৌৰৱ গগৈয়ে৷ আনহাতে,  ডিব্রুগড়ত ভোটাধিকাৰ সাব্যস্ত কৰে সর্বানন্দ সোণোৱালে৷ তিনিচুকীয়াত ভোটদান কৰিলে লুৰিণজ্যোতি গগৈয়ে৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি, প্রথম পর্যায়ৰ নির্বাচনত ডিব্রুগড় সমষ্টিত ৭১.০৫ শতাংশ, যোৰহাট সমষ্টিত ৭৯ শতাংশ, কাজিৰঙা সমষ্টিত ৭৪.৬৩ শতাংশ, লখিমপুৰ সমষ্টিত ৬৮.৮৫ শতাংশ আৰু শোণিতপুৰ সমষ্টিত ৭১.৯৮ শতাংশ ভোটদান হয়৷ ইফালে, প্রথম পর্যায়ৰ নির্বাচনৰ পিছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রথম পর্যায়ৰ ৫খন আসনতেই জয়লাভৰ দৃঢ় স্থিতি প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এইবুলি উল্লেখ কৰে– অসমত প্রথম পর্যায়ৰ ভোটদান অভূতপূর্ব আছিল৷ পাঁচোখন আসনে এতিয়া নৰেন্দ্র মোদীৰ সৈতে দৃঢ়ভাৱে আছে৷

You might also like