নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনাৰ নতুন মুৰব্বী এডমিৰেল দীনেশ ত্রিপাঠী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ এপ্ৰিলঃ নৌসেনাৰ নতুন মুৰব্বী হিচাপে এডমিৰেল দীনেশ ত্রিপাঠীৰ নাম ঘোষণা কৰা হৈছে৷ দীর্ঘদিন ধৰি নৌসেনাৰ সহঃ মুৰব্বীৰ দায়িত্বত আছিল ত্রিপাঠী৷ প্রায় ৪০ বছৰ ধৰি নৌসেনাৰ বিভিন্ন পদত সেৱা আগবঢ়াই আহিছে বিষয়াগৰাকীয়ে৷ আগন্তুক ৩০ এপ্রিলৰ পৰা নৌসেনাৰ মুৰব্বীৰ দায়িত্ব গ্রহণ কৰিব ত্রিপাঠীয়ে৷ ১৯৬৪ চনৰ ১৫ মে’ত জন্ম হৈছিল এডমিৰেল দীনেশ ত্রিপাঠীৰ৷ ১৯৮৫ চনৰ ১ জুলাইত তেওঁ ভাৰতীয় নৌসেনাত যোগ দিয়ে৷ বিগত ৩৯ বছৰ ধৰি তেওঁ নৌসেনাতেই কর্মৰত৷ ৰেৱাৰ সৈনিক স্কুলৰ ছাত্র দীনেশ ত্রিপাঠীয়ে পৰৱর্তী সময়ত ভর্তি হৈছিল নেচনেল ডিফেঞ্চ একাডেমীত৷ ৱেলিংটনৰ ডিফেঞ্চ ছার্ভিচেছ ষ্টাফ কলেজৰ পৰা তেওঁ এডভাঞ্চ ক’ছ সম্পূর্ণ কৰিছিল৷ আমেৰিকাৰ নাভাল কলেজৰ পৰাও পাঠ্যক্রম সম্পূর্ণ কৰিছিল ত্রিপাঠীয়ে৷

You might also like