নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিপুৰত ১,২৩১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ সাজু ৯,৬২,৪৫৮ ভোটাৰ

শোণিতপুৰ জিলাত মুঠ ১,২৩১টা ভোটকেন্দ্ৰ আছে, যাৰ ভিতৰত ৩০৯টা মহিলা ভোটকেন্দ্ৰ আৰু ৫টা আদৰ্শ ভোটকেন্দ্ৰ অন্তৰ্ভুক্ত। শেহতীয়া নিৰ্বাচনী তালিকা অনুসৰি জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ৯,৬২,৪৫৮ গৰাকী ভোটাৰ আছে, য’ত ৪,৭৬,৭৪৯ গৰাকী পুৰুষ, ৪,৮৫,৬৮৯ গৰাকী মহিলা আৰু ২০ গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভুক্ত।

সমষ্টি অনুসৰি ভোটাৰৰ সংখ্যা হৈছে— ঢেকিয়াজুলি: ২,২৩,৯৫৫ গৰাকী; বৰছলা: ১,৯০,২১৫ গৰাকী; তেজপুৰ: ১,৭৬,৩৭৯ গৰাকী; ৰঙাপৰা: ১,৬৯,৩১৯ গৰাকী; আৰু নদুৱাৰ: ২,০২,৫৯০ গৰাকী।

জিলা নিৰ্বাচনী বিষয়া আনন্দ কুমাৰ দাসে এই প্ৰস্তুতি সন্দৰ্ভত সদৰি কৰা অনুসৰি সমগ্ৰ জিলাখনত ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰায় ৪,৯২৪ জন ভোটগ্ৰহণ কৰ্মীক নিয়োজিত কৰা হৈছে।

আনহাতে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হই জনোৱা মতে শোণিতপুৰ জিলাৰ ৫টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ২৬টা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

জিলাখনৰ ৫টা বিধানসভা সমষ্টিৰ ২৩৯গৰাকী আৰক্ষীৰ লোকৰ লগতে বহিঃজিলাৰ ১১৭৬গৰাকী আৰক্ষী আৰু জৰুৰীকালীন সেৱাত নিয়োজিত হৈছে। আনহাতে সমগ্ৰ নিৰ্বাচনটোত ই ভি এম কমিশ্যনিঙৰ সৈতে জড়িত হৈছে ৪৫০ গৰাকী বিষয়াৰ লগতে ১৮০ গৰাকী জনেল আৰু ছেক্টৰ বিষয়া জড়িত হৈছে।

বাৰ্তা ব্যুৰ’, তেজপুৰ, ৮ মার্চ

You might also like