নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলাচলৰ কামাখ্যাৰ পৰাই চলিছে বন্যপ্রাণীৰ অংগ–প্রত্যংগৰ চোৰাং বেহা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ নীলাচলৰ কামাখ্যাৰ পৰাই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত সৰবৰাহ হৈছে বন্যপ্রাণী–সামুদ্রিক প্রাণীৰ অংগ–প্রত্যংগ৷ চোৰাং ব্যৱসায়ী চক্রই বহিঃৰাজ্যৰ পৰা বিভিন্ন কৌশলৰে অনা বিলুপ্তপ্রায় বন্য আৰু সাগৰীয় প্রাণীৰ অংগ আৰক্ষী প্রশাসনৰ চকুত ধূলি দি মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তলৈ সৰবৰাহ কৰি আহিছে৷ বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ এটা দলে কালি মহানগৰীৰ গণেশগুৰি আৰু কামাখ্যাত চলোৱা এক অভিযানত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷

বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ এটা সূত্রই জনোৱা মতে বহিঃৰাজ্যৰ চোৰাং ব্যৱসায়ী চক্রই প্রতি মাহতে কলকাতা আৰু উৰিষ্যৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বিশেষ কৌশলেৰে গুৱাহাটীলৈ বিলুপ্তপ্রায় বন্যপ্রাণীৰ অংগ সৰবৰাহ কৰি আহিছে৷ তদুপৰি চোৰাং ব্যৱসায়ী চক্রই বহিঃৰাজ্যৰ পৰা সাগৰীয় শংখৰ লগতে ইন্দ্রজাল seafan) আৰু অন্যান্য সামুদ্রিক জীৱৰ অংগ–প্রত্যংগ সৰবৰাহ কৰি আহিছে৷ বহিঃৰাজ্যৰ পৰা অহা এই বন্যপ্রাণী আৰু সামুদ্রিক প্রাণীৰ অংগসমূহ চোৰাং ব্যৱসায়ী চক্রই নীলাচলৰ কামাখ্যা ধামৰ চৌহদত পূজাৰ সামগ্রীৰ ব্যৱসায় কৰা এচাম অসাধু ব্যৱসায়ীক লাখ লাখ টকাত বিক্রী কৰি আহিছে৷ অসাধু ব্যৱসায়ী চক্রই বহিঃৰাজ্যৰ পৰা অনা বন্যপ্রাণীৰ এই অংগ–প্রত্যংগ দোকানৰ লগতে গুদামত মজুত কৰি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ চোৰাং বজাৰত লাখ লাখ টকাৰ বিনিময়ত মেলি দিছে৷

উল্লেখ্য যে কালি বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ অভিযানকাৰী দলটোৱে বন্যপ্রাণীৰ অংগৰ ব্যৱসায় কৰাৰ অভিযোগত গণেশগুৰিৰ পৰা ৰাহুল চৌধুৰী, কামাখ্যাৰ পৰা জিতেন্দ্র সাহা আৰু সন্তোষ গুপ্তা নামৰ তিনি ব্যৱসায়ীক গ্রেপ্তাৰ কৰি আজি জে’ললৈ প্রেৰণ কৰে৷ ধৃত ব্যৱসায়ীকেইজনৰ পৰা বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ দলটোৱে বৃহৎ পৰিমাণৰ বন্য আৰু সামুদ্রিক প্রাণীৰ অংগ–প্রত্যংগ জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like