নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দদৰা–দলিবাৰীৰ গো–চৰণীয়া পথাৰৰ ৮১ বিঘা ভূমিৰ বেদখল উচ্ছেদৰ নির্দেশ

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ কামৰূপৰ দদৰা–দলিবাৰী অঞ্চলৰ গো–চৰণীয়া পথাৰত বেদখল উচ্ছেদ কৰি গো–চৰণীয়া পথাৰখন মুকলি কৰাৰ নির্দেশ জাৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে লেখক, জ্যেষ্ঠ সাংবাদিক তথা অসম সাংস্কৃতিক মহাসভাৰ কেন্দ্রীয় উপ–সভাপতি ড০ পংকজ লোচন বৈশ্যই দলিবাৰী গো–চৰণীয়া পথাৰৰ ৮১ বিঘা মাটি বেদখলমুক্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল৷ উল্লেখ্য যে গো–চৰণীয়া পথাৰখনত ইতিমধ্যে কেইবাটিও স্থায়ী গৃহ নির্মাণৰ কাম চলি আছে৷ যাৰ পৰিপ্রেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ গো–ধনৰ বাবে ভীষণ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে৷

পংকজ লোচন বৈশ্যই দিয়া গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ দুজনীয়া বিচাৰপীঠে পি আই এল ১৬/২০২১ গোচৰ মর্মে যোৱা ২৬ মার্চত তাৎক্ষণিকভাৱে বেদখল হৈ থকা দলিবাৰী গো–চৰণীয়া পথাৰ মুক্ত কৰিবলৈ নির্দেশ জাৰি কৰে৷ এই নির্দেশ যোৱা ৮ এপ্রিলত কামৰূপ (গ্রাম্য) উপায়ুক্তলৈ প্রেৰণ কৰিছে৷ নিয়ম মতে গো–চৰণীয়া পথাৰত কোনোধৰণৰ স্থায়ী ভৱন নির্মাণ কৰিব নোৱাৰে৷ কামৰূপৰ উপায়ুক্তক গুচৰীয়াই শীঘ্রে ন্যায়ালয়ৰ নির্দেশ মর্মে দলিবাৰীৰ গো–চৰণীয়া পথাৰ বেদখলমুক্ত কৰিবলৈ দাবী জনাইছে৷

You might also like