নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দম্পতীসহ তিনিজনক গ্রেপ্তাৰ, পলাতক আন ৭ অভিযুক্ত

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ দৰঙৰ দৈপাম আৰক্ষী চকীৰ অন্তর্গত নমাটিত মাকৈ খেতিত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে৷ যুৱতীগৰাকীক গণ ধর্ষণ কৰাৰ পিছত হত্যা কৰি মাকৈ খেতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে৷ ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি কালিৰে পৰা তীব্র চাঞ্চল্য বিৰাজ কৰিছে৷ নৃশংস হত্যাৰ বলি হোৱা যুৱতীগৰাকী ওদালগুৰিৰ৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ১৯২/২১ নম্বৰৰ গোচৰ এটা পঞ্জীয়ন কৰি যোৱানিশা অভিযান চলাই কছাৰীপাৰা জংগল গাঁৱৰ পৰা আব্দুল জব্বাৰ আৰু আবিদা খাতুন নামৰ পতি–পত্নীক আটক কৰে৷ পাছত চুকাবাহী গাঁৱৰ পৰা বাদশ্বাহ আলীক আটক কৰি সোধ–পোছ কৰে৷ পাছত তিনিও অভিযুক্তক গ্রেপ্তাৰ কৰি আজি জে’ললৈ প্রেৰণ কৰা হয়৷

ইফালে ঘটনা সন্দর্ভত আৰক্ষীয়ে সংবাদ মাধ্যমৰ ওচৰত মুখ খোলা নাই৷ এটা সূত্র এটাই প্রকাশ কৰা মতে পৰহি সন্ধিয়া যুৱতীগৰাকীক দুষৃকতিকাৰীয়ে ওদালগুৰি চহৰৰ পৰা অপহৰণ কৰি আনিছিল আৰু দলবদ্ধ ধর্ষণ কৰি হত্যা কৰাৰ পিছত মাকৈ খেতিত পেলাই থৈ গৈছিল৷ আনহাতে, আৰক্ষী সূত্র এটাৰ পৰা জানিব পৰা মতে অপহৰণ, গণ ধর্ষণ আৰু হত্যাকাণ্ডৰ লগত ১০/১১জনীয়া এটা দুষৃকতিকাৰীৰ দল এটা জডিত৷ এই দুর্বৃত্তৰ দলৰ পলাতক বাকীকেইজনক গ্রেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান তীব্রতৰ কৰিছে৷ ইফালে, এই নৃশংস কাণ্ডৰ তীব্র গৰিহণা দিছে আমছু, ইত্তেহাদ ফ্রণ্টকে ধৰি অঞ্চলটোৰ বিভিন্ন দল–সংগঠনে৷ শৈক্ষিক জাগৰণ মঞ্চ, অসমৰ সভাপতি ফখৰুদ্দিন আলীয়ে এই ঘটনাক অমানৱীয় আৰু অক্ষমণীয় অপৰাধ বুলি অভিহিত কৰি উচ্চ পর্যায়ৰ তদন্তৰ জৰিয়তে প্রতিজন দুষৃকতিকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়৷ আনহাতে, চৰকাৰৰ ওচৰত মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ ক্ষতিপূৰণো দাবী কৰে সংগঠনটোৰ সভাপতিগৰাকীয়ে৷

You might also like