নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড আক্রান্ত হৈ মৃত্যু সাংবাদিক–স্ত্রীৰোগ বিশেষজ্ঞৰ

ৰাজ্যত ২৫ লাখ ক’ৰোনা টেষ্ট সম্পন্নঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ  ক্রমাৎ অধিক ভয়াৱহ হৈ উঠিছে ৰাজ্যৰ ক’ৰোনাকেন্দ্রিক পৰিৱেশ৷ প্রায় প্রতিদিনে দ্রুতগতিত বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্রমণে ৰাজ্যত আক্রান্তৰ হাৰ বৃদ্ধি হোৱাই নহয়, এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাই আহিছে৷ এনে ক’ভিড আক্রান্ত হৈ মৃত্যু সাংবাদিক–স্ত্রীৰোগ বিশেষজ্ঞৰ পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈছে কেইবাজনো জ্যেষ্ঠ চিকিৎসক৷ আনকি এই ৰোগত আক্রান্ত হৈ কালি মৃত্যুমুখত পৰে গুৱাহাটীৰ বিশিষ্ট স্ত্রীৰোগ আৰু প্রসূতি বিশেষজ্ঞ ডাঃ তুলিকা গোস্বামী (৫৬)৷ ক’ৰোনাত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ৷ মৃত্যুৰ সময়ত তেওঁ স্বামী ডাঃ বিৰাজজ্যোতি গোস্বামী আৰু একমাত্র পুত্র–বোৱাৰীক এৰি থৈ গৈছে৷ জ্যেষ্ঠ চিকিৎসকগৰাকীৰ মৃত্যুত মহানগৰীত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে তুলিকা গোস্বামীৰ স্বামীও ক’ৰোনাত আক্রান্ত হৈ ইতিমধ্যে জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ ইফালে আন এজন জ্যেষ্ঠ চিকিৎসক ডাঃ ভৱদেৱ গোস্বামীও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ আনহাতে, আজি ক’ৰোনাত আক্রান্ত হৈ পুনৰ ১০জন লোকৰ মৃত্যু হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে আজি এই তথ্য প্রকাশ কৰিছে৷ আজি মৃত্যু হোৱা লোককেইজন হ’ল ডিব্রুগড় জিলাৰ ৰাজু চাৰিংগীয়া ফুকন (৫০), কামৰূপ মহানগৰ জিলাৰ ডাঃ তুলিকা গোস্বামী (৫৬), সদানন্দ ঠাকুৰীয়া (৬০), মহেশ ডেকা (৮২), প্রিয়া বৈশ্য (২৬), কৰিমগঞ্জ জিলাৰ ভূপেন্দ্র মোহন দাস (৮০), মহম্মদ আলী (৬০), শিৱসাগৰ জিলাৰ পৱিত্র শইকীয়া (৫৫) আৰু নলবাৰী জিলাৰ কনক চন্দ্র ডেকা (৭৬), কমল কলিতা (২৬)৷ উল্লেখ্য যে ৰাজ্যত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে ক’ভিড টেষ্টৰ সংখ্যাও বৃদ্ধি কৰা হৈছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ টুইটযোগে প্রকাশ কৰা অনুসৰি আজি ২৫ লাখ লোকৰ ক’ভিড টেষ্ট সম্পূর্ণ কৰা হয়৷ ইয়াৰ দ্বাৰা প্রতি ১০ লাখ লোকৰ বিপৰীতে ৭২,৮৯৭জন লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ ইফালে ৰাজ্যত আজিৰ দিনটোত ২,৭৮৫জন লোক ক’ভিডত আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত ৩৮,৬১১জন লোকক পৰীক্ষা কৰাৰ অন্তত ২,৭৮৫গৰাকী লোক ক’ভিডত আক্রান্ত হোৱা বুলি নিশ্চিত হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি টুইটযোগে জনোৱা মতে, ৰাজ্যত ক’ভিড আক্রান্তৰ লোকৰ হাৰ ৭.২১ শতাংশ৷ আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাত ৬৭৫জন, ডিব্রুগড়ত ২২০জন, যোৰহাটত ১৬৫জন আৰু লখিমপুৰত ১২৬জন লোক ক’ভিডত আক্রান্ত হৈছে৷ আনহাতে, আজিৰ দিনটোত ২,২৫০জন লোকে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গেছে৷ বর্তমান ৰাজ্যত ক’ভিড আক্রান্ত লোকৰ সংখ্যা হৈছেগৈ ১,২৮,২৪৪জন৷ আনহাতে, ক’ভিডত আক্রান্ত হোৱাৰ পিছত সুস্থ হৈ হাস্পতাল এৰিছে মুঠ ৯৯,০৭৩জন লোকে৷ বর্তমান ১,২৮,২৪৪জন আক্রান্ত লোকৰ ভিতৰত ২৮,৭৯৮জন লোক চিকিৎসাধীন হৈ আছে৷ এতিয়ালৈকে ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৩৭০জন৷
ৰহাত ক’ৰোনাত আক্রান্ত হৈ দুজনৰ মৃত্যু
ৰহাৰ অভিযন্তা, সাংস্কৃতিক কর্মী বিনয় দেওৰজাৰ (৫৩) কালি নিশা ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ ৰহাৰ সমীপৱর্তী বাৰপূজীয়াৰ খাপলাংকুছিত জন্ম হোৱা আৰু বর্তমান ৰহা চাৰিআলি নিৱাসী বিনয় দেওৰজা যোৱা দীর্ঘদিন ধৰি মধুমেহ ৰোগত আক্রান্ত হৈ আছিল৷ শেহতীয়াকৈ ক’ৰোনা পজিটিভ চিনাক্ত হোৱাৰ পাছত তেওঁ ঘৰতে আইছ’লেচন হৈ আছিল যদিও কালি নিশা স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও নগাঁৱৰ পৰা তেওঁক গুৱাহাটীলৈ প্রেৰণ কৰা হয়৷ কিন্তু গুৱাহাটীলৈ যোৱাৰ পথত বেবেজীয়াতে তেওঁৰ মৃত্যু হয়৷ ইফালে ক’ৰোনাত আক্রান্ত হৈ ৰহাৰ ৬নং ৱার্ড নিৱাসী দীপাংকৰ কাকতি (৪৭) যোৱা ৫ ছেপ্ঢেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষক পদ্মধৰ কাকতিৰ কনিষ্ঠ পুত্র দীপাংকৰ কাকতি কিছুদিন ধৰি স্নায়ু ৰোগত আক্রান্ত হৈ আছিল৷ শেহতীয়াকৈ তেওঁক জি এম চি এইচলৈ চিকিৎসাৰ বাবে নিয়া হৈছিল৷ কিন্তু কালি নিশা ১০.৩০ বজাত তেওঁ মৃত্যুক সাবটি লয়৷ মৃত্যুৰ পাছত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰে৷ দীপাংকৰৰ পৰিয়ালৰ ৫জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷
ক’ৰোনাত মৃত্যু শিলচৰৰ জ্যেষ্ঠ সাংবাদিক অসীম দত্ত, মুখ্যমন্ত্রীৰ শোক
ক’ৰোনাত আক্রান্ত হৈ মৃত্যু ঘটিল শিলচৰৰ জ্যেষ্ঠ সাংবাদিক অসীম দত্তৰ (৬৫)৷ আজি পুৱা ৬.৪০ বজাত শিলচৰ মেডিকেল কলেজ হাস্পতালত সাংবাদিকগৰাকীৰ মৃত্যু হয়৷ শিলচৰৰ পৰা প্রকাশিত দৈনিক প্রান্তজ্যোতি কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰূপে কার্যনির্বাহ কৰি থকা অসীম দত্ত দীর্ঘদিনৰ পৰাই মধুমেহ ৰোগত আক্রান্ত হৈ আছিল৷ শেহতীয়াকৈ তেওঁ ডায়েলাইছিছ কৰিবলৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ সঘনাই গৈছিল৷ চিকিৎসালয়খনলৈ যাওঁতেই তেওঁ ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ ইফালে অসীম দত্তৰ লগতে তেওঁৰ পত্নী আৰু কন্যাও ক’ৰোনাত আক্রান্ত হৈ এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ জ্যেষ্ঠ চিকিৎসকজনৰ মৃত্যুত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে৷ এক শোকবার্তাত মুখ্যমন্ত্রীয়ে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্রয়াত অসীম দত্তই সংবাদ জগতলৈ যি সেৱা আগবঢ়াই গ’ল, সেয়া সকলোৱে শ্রদ্ধাৰে স্মৰণ কৰিব৷
গোলাঘাটত ক’ৰোনাত আক্রান্ত হৈ এজনৰ মৃত্যু
গোলাঘাট জিলাৰ বৰুৱা গাঁৱৰ দেৱেন বৰা (৮২) নামৰ লোকজন ক’ৰোনাত আক্রান্ত হৈ কালি সন্ধিয়া মৃত্যু হয়৷ এই লোকজনৰ মৃত্যুৰ সমান্তৰালকৈ ঘিলাজাৰী আৰক্ষী থানাৰ দুজন আৰক্ষী ক্রমে যুগল শইকীয়া (৫৯) আৰু ৰত্নেশ্বৰ ৰাজবংশী (৫৪) শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈছে৷
পশ্চিম দৰঙত ক’ৰোনাত আক্রান্ত হৈ এজন কর্মচাৰীৰ মৃত্যু
নিয়মীয়া বার্তা, দীপিলা ঃ পশ্চিম দৰঙৰ বানেকুছি ৰামগাঁৱৰ ভদ্র ডেকা (৬২) আৰু গভৰা চামুৱাটাৰী নিৱাসী খৈৰাবাৰী ৰাজহ চক্রৰ কানানগো কালীচৰণ চমুৱাৰ (৫৫) কালি নিশা মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ ভদ্র ডেকা কালি হঠাৎ অসুস্থ হৈ পৰাত পোনে পোনে মঙলদৈলৈ নিয়া হৈছিল যদিও তেওঁ মৃত্যুক আঁকোৱালি লয়৷ পাছত তেওঁৰ ক’ভিড পৰীক্ষা কৰাত পজিটিভ চিনাক্ত হয়৷
গুৱাহাটীৰ এম আৰ ট্রেডার্ছৰ স্বত্বাধিকাৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু
বিশিষ্ট গ্রন্থ ব্যৱসায়ী, ১৯৬৩ চনতে শিৱসাগৰত জন্মগ্রহণ কৰা গুৱাহাটীৰ এম আৰ ট্রেডার্ছৰ স্বত্বাধিকাৰী ডেনিয়েল স্মিথৰ (৫৯) কালি ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ ক’ভিডত আক্রান্ত হৈ নিজ গৃহতে আইছ’লেচনত আছিল স্মিথ৷ শনিবাৰৰ দিনা শ্বাস–প্রশ্বাসত কিছু অসুবিধাৰ সন্মুখীন হোৱাত তেওঁক গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ভর্তি কৰোৱা হয় যদিও দেওবাৰে দুপৰীয়া ১২ বজাত মৃত্যু হয়৷ ১৯৯৫ চনতে শিৱসাগৰত লিটিছা বুক ডিপো নামৰ এখন গ্রন্থ বিপণী প্রতিষ্ঠাৰ জৰিয়তে গ্রন্থ ব্যৱসায়ত নামি পৰা স্মিথে পাণবজাৰ, নাৰেংগী আৰু জয়ানগৰতো ইয়াৰ শাখা প্রতিষ্ঠা কৰিছিল৷ মৃত্যুৰ সময়ত তেওঁৰ পত্নী মনমন স্মিথ আৰু একমাত্র জীয়ৰী দীক্ষিতা স্মিথক এৰি থৈ গৈছে৷ আজি অসম পুথি প্রকাশ আৰু বিক্রেতা সংস্থাই তেওঁৰ মৃত্যুত শোক প্রকাশ কৰি গ্রন্থ বিপণীসমূহ ২ বজাৰ পৰা বন্ধ ৰাখে৷ আনহাতে, স্মিথৰ মৃত্যুত শোক প্রকাশ কৰি শিৱসাগৰৰ কেপি চাৰিআলিত পূব মাণ্ডলিক ব্যৱসায় সন্থাই আজি পুৱা ৩ ঘণ্টাৰ বাবে সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখে৷
বাঁহজানীত ক’ভিডত আক্রান্ত হৈ যুৱকৰ মৃত্যু
নলবাৰী জিলাৰ বাঁহজানীৰ অন্তর্গত টিলানা গাঁৱৰ বাবুলী কলিতাৰ একমাত্র পুত্র তথা অভিযন্তা কমল কলিতাৰ আজি পুৱা ক’ভিড আক্রান্ত হৈ মৃত্যু হয়৷ যোৱা কেইবাদিনো ধৰি গুৱাহাটীৰ জি এন আৰ চিত ক’ভিড আক্রান্ত ৰূপে চিকিৎসাধীন হৈ থকাৰ পাছত আজি পুৱা তেওঁৰ মৃত্যু হয়৷ উচ্চ শিক্ষিত যুৱক কমলৰ মৃত্যুৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷

You might also like