নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৫৮জন এছপি’ক চূড়ান্ত প্রতাৰণা

নিযুক্তিৰ আশ্বাস দি পাহৰিলে চৰকাৰে

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ   নিযুক্তিৰ নামত ৰাজ্যত কর্মৰত বিশেষ আৰক্ষী বিষয়া (এছপি’)ক চৰম বঞ্চনাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ দীর্ঘদিনীয়া প্রতিবাদৰ অন্তত অসম ঔদ্যোগিক সুৰক্ষা বাহিনী (এআইএছএফ)ৰ তৃতীয় বেটেলিয়ন গঠন কৰি নিযুক্তি দিব বুলি চৰকাৰে দিয়া আশ্বাস আজিপর্যন্ত কার্যকৰী নহ’ল৷ আজি এই কথা সদৰী কৰিছে অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে৷ গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত সমিতিৰ সম্পাদক মৃত্যুঞ্জয় বৰাই কয়– ‘অসমত অগ্ণিগর্ভা পৰিস্থিতি সৃষ্টি হোৱাৰ সময়ত ২০০৮ চনৰ পৰা ২০১৫ চনলৈ এছপি’সকলক নগাঁও, মৰিগাঁও, ডিমা হাছাও, কামৰূপ, নলবাৰী আদিকে ধৰি ১১খন জিলাত নিয়োজিত কৰা হৈছিল৷ উগ্রপন্থীবিৰোধী অভিযানত সহায় কৰা এছপি’সকলক নিযুক্তি দিয়া হ’ব বুলি আশ্বাসো দিয়া হৈছিল৷ কেইবাবাৰো প্রতিবাদ সাব্যস্ত কৰাৰ পিছত এই আশ্বাস প্রদান কৰা হৈছিল যদিও ইয়াক কার্যকৰী ৰূপ দিয়া নহ’ল৷ বৰঞ্চ চৰকাৰে পাহৰিলে নিজৰ প্রতিশ্রুতি৷’ ইপিনে, ধাৰাবাহিক আন্দোলনৰ অন্তত ২০১৩ চনৰ ১৯ ছেপ্ঢেম্বৰত ৰাজ্য চৰকাৰে এআইএছএফৰ তৃতীয় বেটেলিয়ন গঠন কৰি ৮৫৮গৰাকী এছপি’ নিযুক্তি প্রদানৰ লিখিত প্রতিশ্রুতি প্রদান কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে পৰৱর্তী সময়ত বিভিন্ন অজুহাতত এই তৃতীয় এআইএছএফ গঠন কৰা নহ’ল৷ ইয়াৰ পৰিৱর্তে অসম আৰক্ষীৰ বিভিন্ন বিভাগত এছপি’সকলক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ বর্তমানৰ চৰকাৰখনে নিযুক্তিৰ প্রক্রিয়াটো সামান্য পৰিমাণে আগবঢ়াইছিল যদিও সম্প্রতি সেয়াও ৰঙাফিতাৰ মেৰপেঁচত আবদ্ধ হৈ আছে৷ সম্পূর্ণ সামৰিক অস্ত্র চালনাৰে প্রশিক্ষিত এই এছপি’ জোৱানসকলক নিযুক্তিৰ ক্ষেত্রত চৰকাৰে হোঁহুকা পিছলা কৰি তেওঁলোকৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিছে বুলি উল্লেখ কৰি বৰাই কয়– ‘২০১৮ চনৰ ডিচেম্বৰত এআইএছএফৰ ১৪৫টা পদ কেৱল এছপি’সকলৰ বাবে সংৰক্ষণ কৰি আবেদন–পত্র গ্রহণ কৰা হৈছিল৷ কিন্তু আজিপর্যন্ত এই পদসমূহত নিযুক্তি প্রদান কৰা নহ’ল৷ অসম আৰক্ষীত দুই শতাংশ পদ এছপি’সকলৰ বাবে সংৰক্ষণ কৰিব বুলি দিয়া আশ্বাসেও আজিপর্যন্ত কার্যকৰী ৰূপ নাপালে৷ অসম আৰক্ষীৰ ৬,০০০ পদৰ ভিতৰত দুই শতাংশ পদ সংৰক্ষণ কৰা হ’ব বুলি কোৱা হৈছিল যদিও এই পদসমূহত আমাক নিযুক্তিৰ পৰা বঞ্চিত কৰিবলৈ তৎপৰ হৈ পৰিছে চৰকাৰ৷ অসম আৰক্ষীত নিযুক্তিৰ বাবে আৰক্ষী নিযুক্তি ব’ডৰ ফালৰ পৰা এছপি’ জোৱানসকলৰ বাবে কোনোধৰণৰ অগ্রাধিকাৰ প্রদান কৰা হোৱা নাই৷’ সেয়েহে শীঘ্রে পূর্বৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি চৰকাৰক বাছনি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰে৷ অন্যথা বাছনি পৰীক্ষাত অৱতীর্ণ হোৱাৰ পৰা বিৰত থকাৰ লগতে চৰকাৰৰ বিৰুদ্ধে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলিও তেওঁলোকে হুংকাৰ দিয়ে৷ বৰাই সদৰী কৰা অনুসৰি এআইএছএফৰ ১নং আৰু ২নং বেটেলিয়নত ২০১৮ চনৰ পৰা ৩০০ৰো অধিক পদ খালী হৈ আছে৷ এই পদসমূহো এছপি’ জোৱানৰ বাবে সংৰক্ষণ কৰি নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিবলৈ বৰাই দাবী উত্থাপন কৰে৷ আনহাতে, কর্তব্যৰত অৱস্থাত উগ্রপন্থীৰ হাতত নিহত হোৱা এছপি’ৰ পৰিয়ালক আর্থিক সাহায্য প্রদান কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰে৷

You might also like