নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাৰ অধিৱেশন বয়কট ঐক্যবদ্ধ বিৰোধীৰ

দেশৰ সংসদীয় ইতিহাসত নজিৰবিহীন ঘটনা

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ   ‘কৃষি বিধেয়ক’ক কেন্দ্র কৰি চৰকাৰ–বিৰোধীৰ সংঘাত তুংগত উঠিছে৷ প্রতিবাদ–ধর্ণাৰ পৰা এঢ়াপ আগুৱাই গৈ এইবাৰ বিৰোধী শিবিৰে ৰাজ্যসভাৰ চলিত বর্ষাকালীন অধিৱেশনৰ বাকী থকা দিনবোৰৰ কার্যসূচী বয়কট কৰিলে৷ মঙলবাৰে পুৱা ৯ বজাত সদনৰ কার্যসূচী আৰম্ভ হোৱাৰ সময়তে শূন্যকালীন ঘণ্টাত বয়কটৰ এই ঘোষণা কৰে ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদে৷ এই সন্দর্ভত তেওঁ চৰকাৰৰ ওচৰত উত্থাপন কৰে তিনিটা দাবী তথা চর্ত৷ এই দাবীকেইটা পূৰণ নোহোৱা পর্যন্ত বিৰোধী দলৰ সাংসদসকলে ৰাজ্যসভাত উপস্থিত নাথাকে বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ ইয়াৰ পিছতেই সদনৰ পৰা ৱাকআউট কৰে কংগ্রেছ, বাঁও দল, তৃণমূল কংগ্রেছ, সমাজবাদী পার্টী আৰু এনচিপিৰ সাংসদসকলে৷

ইয়াৰ বিপৰীতে মঙলবাৰে কেৱল শাসকীয় বিজেপি আৰু তেওঁলোকৰ সহযোগী জে ডি ইউকে ধৰি এআইএডিএমকে, বিজেডি, ৱাই এছ আৰ কংগ্রেছ আৰু টিডিপিৰ সদস্যসকলহে ৰাজ্যসভাত উপস্থিত আছিল৷ বিৰোধী শিবিৰে উত্থাপন কৰা দাবী তিনিটা হৈছে– আঠ সাংসদৰ নিলম্বন প্রত্যাহাৰ, অত্যাৱশ্যকীয় সামগ্রী আইন সংশোধনী বিধেয়কত বেচৰকাৰী সংস্থা বা প্রতিনিধিয়ে কৃষকৰ পৰা কৃষি সামগ্রী ক্রয় কৰিলে নূ্যনতম সমর্থন মূল্যতকৈ কম দৰত কিনিব নোৱাৰা বিষয়টো অন্তর্ভুক্ত কৰা আৰু নূ্যনতম সমর্থন মূল্য নির্ধাৰণ কৰিব লাগিব এম এছ স্বামীনাথন আয়োগৰ পৰামর্শৰ ভিত্তিত৷ ৰাজ্যসভা বয়কট কৰাৰ পিছত বিৰোধী সাংসদসকলে ৮ নিলম্বিত সাংসদক ধর্ণা প্রত্যাহাৰ কৰি বর্ষাকালীন অধিৱেশন বয়কটত চামিল হ’বলৈ আহ্বান জনায়৷ সেইমর্মে ৮ নিলম্বিত সাংসদে প্রত্যাহাৰ কৰে ধর্ণা কার্যসূচী৷

উল্লেখ্য যে ‘কৃষি বিধেয়ক’ৰ বিৰুদ্ধে দেওবাৰে বিৰোধী শিবিৰে ৰাজ্যসভাৰ মজিয়া উত্তাল কৰি তুলিছিল৷ তীব্র হুলস্থূলীয়া পৰিৱেশৰ মাজতে উপ–সভাপতি হৰিবংশ নাৰায়ণ সিঙৰ মাইক ভাঙি দিয়া আৰু অসংসদীয় শব্দ প্রয়োগৰ অভিযোগ উত্থাপন হৈছিল একাংশ সাংসদৰ বিৰুদ্ধে৷ এই অভিযোগৰ ভিত্তিত ৰাজ্যসভাৰ সভাপতি তথা উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডুৱে অসমৰ কংগ্রেছ সাংসদ ৰিপুণ বৰা, তৃণমূল কংগ্রেছৰ ডেৰেক অ’ব্রায়েন, আপৰ সঞ্জয় সিং, চিপিএমৰ কে কে ৰাগেশসহ ৮সদস্যক কালি বাকী থকা দিনকেইটাৰ বাবে নিলম্বন কৰিছিল৷ ইয়াৰ পিছতেই সংসদ ভৱনৰ গান্ধী মূর্তিৰ কাষত এই ৮জন সাংসদে ধর্ণাত বহে৷ কালি গোটেই নিশা উজাগৰে কটাই তেওঁলোকে ধর্ণা কার্যসূচী অব্যাহত ৰাখে৷ বিৰোধীয়ে ৰাজ্যসভাৰ বর্ষাকালীন অধিৱেশন বয়কট কৰা আৰু ৮ সাংসদৰ ধর্ণা কার্যসূচী ৰূপায়ণ দেশৰ সংসদীয় গণতন্ত্রৰ ইতিহাসত নজিৰবিহীন ঘটনাৰূপে চিহ্ণিত হৈছে৷

ইফালে, বিৰোধী শিবিৰে নিজ স্থিতিত অটল থকাৰ সময়তে মঙলবাৰে পুৱাই চাহ–বিস্কুট লৈ গান্ধী মূর্তিৰ কাষত উপস্থিত হয় ৰাজ্যসভাৰ উপ–সভাপতি হৰিবংশ নাৰায়ণ সিং৷ নিলম্বিত সাংসদসকলৰ মাজত চাহ–বিস্কুট পৰিৱেশন কৰা হয়৷ কিন্তু এজনো সাংসদে সেই চাহ–বিস্কুট গ্রহণ নকৰিলে৷ বৰং নিলম্বিত সাংসদসকলে অনির্দিষ্টকাললৈ ধর্ণা কার্যসূচী ৰূপায়ণ কৰি থাকিব বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যসভাৰ উপ–সভাপতি হৰিবংশ নাৰায়ণ সিঙক৷ এই সন্দর্ভত তৃণমূল কংগ্রেছৰ নিলম্বিত সাংসদ ডেৰেক অ’ব্রায়েনে এক টুইটত কয়– আপোনালোকে আমাক নিলম্বিত কৰিব পাৰিব৷ কিন্তু মুখ বন্ধ কৰিব নোৱাৰে৷ এইদৰে আন এজন নিলম্বিত সাংসদ কংগ্রেছৰ চৈয়দ নাছিৰ হুছেইনৰ মন্তব্য– কেৱল নিলম্বন প্রত্যাহাৰেই নহয়, আমি বিধেয়কখনক লৈ ভোট হোৱাটো বিচাৰিছিলোঁ৷ কিন্তু তেনেকুৱা একো নহ’ল৷ সভাপতিয়ে কাৰো কথা শুনিবই নিবিচাৰিলে৷ মন কৰিবলগীয়া যে চাহ–বিস্কুট নি বিমুখ হোৱা ৰাজ্যসভাৰ উপ–সভাপতি হৰিবংশ নাৰায়ণ সিঙে সাংসদসকলৰ এনে আচৰণত এদিনৰ বাবে অনশন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্যসভাৰ সভাপতি তথা উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডুলৈ এখন পত্র প্রেৰণ কৰি তেওঁ এই সিদ্ধান্তৰ বিষয়ে জনায়৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি পত্রখনত তেওঁ এইদৰে লিখিছে– সাংসদসকলৰ ব্যৱহাৰত মই মর্মাহত৷ যি ঘটনা ঘটিল, তাৰ বাবে মই মানসিক চাপত আছোঁ৷ যোৱা দুদিন ধৰি শুব পৰা নাই৷ ইফালে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যসভাৰ উপ–সভাপতি হৰিবংশ নাৰায়ণ সিঙৰ কার্যক প্রশংসা কৰিছে৷ টুইটাৰত প্রধানমন্ত্রী মোদীয়ে এইদৰে লিখিছে– যিসকলে আক্রমণ কৰিছে, তেওঁলোকৰ বাবে চাহ লৈ যোৱাটো হৰিবংশ নাৰায়ণ সিঙৰ বিনয়ী আৰু উদাৰ হূদয়ৰ পৰিচায়ক৷ তেওঁৰ মহত্বৰ নিদর্শন৷ দেশবাসীৰ লগতে ময়ো হৰিবংশ নাৰায়ণ সিঙক অভিনন্দন জনাইছোঁ৷
ৰিপুণ বৰাসহ ৮ সাংসদৰ নিলম্বন প্রত্যাহাৰৰ দাবীত প্রদেশ কংগ্রেছৰ অভিনৱ প্রতিবাদ
বর্তমানৰ কেন্দ্রীয় চৰকাৰে পুঁজিপতি গোষ্ঠীৰ স্বার্থত তিনিখনকৈ কৃষকবিৰোধী বিধেয়ক গৃহীত কৰাৰ প্রতিবাদত আৰু সংসদত এই বিধেয়ক বাতিলৰ দাবীত প্রতিবাদ কৰাৰ বাবে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি ৰাজ্যসভাৰ ৮ সাংসদক চলিত সদনৰ কার্যকালৰ বাবে কৰা নিলম্বন প্রত্যাহাৰৰ দাবীত আজি ৰাজীৱ ভৱনত প্রদেশ কংগ্রেছ আৰু কিষাণ কংগ্রেছ বিভাগে এক অভিনৱ প্রতিবাদ সাব্যস্ত কৰে৷ দবা, শংখ বজাই নাঙল, জাপি লৈ তেওঁলোকে এই প্রতিবাদ কার্যসূচী ৰূপায়ণ কৰি ‘কৃষকবিৰোধী আইন বাতিল কৰক’, ‘গণতন্ত্র হত্যাকাৰী মোদী চৰকাৰ হায় হায়’, ‘কৃষকে কান্দিছে, নৰেন্দ্র মোদীয়ে হাঁহিছে’ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ এই প্রতিবাদী কার্যসূচীত প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰঞ্জন বৰা, শৈলেন বৰা, কিশোৰ ভট্টাচার্য, দিগন্ত চৌধুৰী, নৱ তালুকদাৰ, বালিকা পেগু, প্রাক্তন মন্ত্রী বসন্ত দাস, বিস্মিতা গগৈ, মুখপাত্র ইমদাদ হুছেইন, সঞ্জু বৰুৱা, প্রফুল্ল কুমাৰ দাস, মহানগৰ জিলা কংগ্রেছৰ সভাপতি কুশল কুমাৰ শর্মা আদি উপস্থিত থাকে৷
সংসদ ভৱনৰ সন্মুখত যুৱ কংগ্রেছ–এনএছইউআইৰ্ উত্তাল প্রতিবাদ
কেন্দ্রীয় চৰকাৰে জনবিৰোধী নীতি গ্রহণ কৰাৰ অভিযোগ তুলি মঙলবাৰে সংসদ ভৱনৰ সন্মুখত সহস্রাধিক যুৱ কংগ্রেছ আৰু এনএছইউআইৰ কর্মীয়ে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে সংসদ ভৱন অভিমুখে যাব বিচাৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে৷ আনকি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ এটা সময়ত প্রতিবাদকাৰীসকলক্ আৰক্ষীয়ে আটক কৰে৷ এই প্রতিবাদী কার্যসূচীত অসম প্রদেশ যুৱ কংগ্রেছৰ উপ–সভানেত্রী অংকিতা দত্ত আৰু অসম প্রদেশ এনএছইউআইৰ উপ–সভাপতি জুবেৰ আনমেও অংশগ্রহণ কৰিছিল৷

You might also like