ডিজিটেল ডেস্ক, ১৮ এপ্রিল : প্রাণৰ শিল্পী জুবিন গার্গৰ গীত বিহু মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰাক লৈ অৱশেষত শনিবাৰে (১৮ এপ্ৰিল) দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে সদৌ অসম জুবিন গাৰ্গ অনুৰাগী মঞ্চই।
উল্লেখ্য যে প্রাণৰ শিল্পী জুবিন গাৰ্গবিহীন ব’হাগক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে শোকত বিহ্বল হোৱাৰ সময়তে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক বিহুৰ মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰাৰ দুঃসাহস কৰে বংগৰ তথাকথিত গায়িকা মর্মিতা মিত্রই৷ উল্লেখ্য যে মহানগৰীৰ এখন বিহুমঞ্চত শেহতীয়াকৈ গায়িকাগৰাকীয়ে জুবিন গার্গৰ বাঁহী বাঁহী শীর্ষক গীতটো নিজস্ব শৈলীৰে গাবলৈ গৈ বিকৃত ৰূপত উপস্থাপন কৰিছিল৷
সামাজিক মাধ্যমত উক্ত গীতৰ পৰিৱেশনৰ দৃশ্যাৱলী ভাইৰেল হৈ পৰাৰ পিছতেই ৰাজ্যজুৰি বিভিন্নজনে সমালোচনাৰে গায়িকাগৰাকীক থকা-সৰকা কৰে ৷ বিশিষ্ট শিল্পী খগেন গগৈয়ে সামাজিক মাধ্যমযোগে গায়িকা মিত্রৰ এই দুঃসাহসক সমালোচনা কৰাৰ লগতে সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মায়ো এই সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷
ইয়াৰ মাজতে শনিবাৰে সদৌ অসম জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ ফালৰ পৰা এই ঘটনাক লৈ দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। মঞ্চৰ হৈ অজয় ফুকন, বৈকুণ্ঠ প্ৰিন্স পাঠক আৰু হেমন্ত শৰ্মা স্বাক্ষৰিত এজাহাৰখনত জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিকৃত ৰূপত উপস্থাপন, অনাধিকাৰ ব্যৱহাৰ আৰু অসমীয়া জাতিৰ আৱেগত আঘাত হনা সম্পৰ্কে অৱগত কৰোৱা হৈছে। মৰ্মিতা মিত্ৰ নামৰ গায়িকাগৰাকীয়ে ভিন্ন সাংস্কৃতিক অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বহুকেইটা গীত বিকৃত ৰূপত পৰিৱেশন কৰি মৌলিক সুৰ, ধাৰণা আৰু শৈলীৰ বিকৃতি ঘটাইছে বুলি এজাহাৰখনত উল্লেখ কৰি এই সন্দৰ্ভত যথাযথ তদন্ত কৰি প্ৰযোজ্য আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।