নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯০ৰ আশে–পাশে আসন লাভ কৰিব বিজেপি মিত্রজোঁটে

ভোটযুদ্ধ সমাপ্তিৰ পিছতে ড০ হিমন্ত বিশ্ব শর্মাই ক’লে

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ তিনিটা পর্যায়ত অনুষ্ঠিত হোৱা ৰাজ্যৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৯০খনৰ ওচৰে–পাঁজৰে আসন লাভ কৰিব বুলি আজি স্পষ্ট কৰিলে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ জালুকবাৰীত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতে সাংবাদিকৰে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে কয়– ২০১৬ চনত বিজেপি আৰু মিত্রদলে ৮৪খন আসন লাভ কৰিছিল৷ এইবাৰ এই সংখ্যা ৯০খনৰ ওচৰে–পাঁজৰে থাকিব৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে প্রথম পর্যায়ৰ নির্বাচনত ৪৭খন আসনৰ ভিতৰত বিজেপি আৰু মিত্র দলে ৪০খন আসন আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত ৩৯টা সমষ্টিৰ ভিতৰত ২৬টা সমষ্টিত মিত্র দল জয়ী হ’ব৷

আনহাতে, তৃতীয় পর্যায়ৰ নির্বাচনত ৪০খন আসনৰ ভিতৰত ২২খন আসন মিত্র দলে লাভ কৰিব৷ বিগত নির্বাচনতকৈ এইবাৰ বিজেপি আৰু মিত্র দলৰ আসন বৃদ্ধি পোৱাটো নিশ্চিত৷ ইফালে, এইবাৰ নির্বাচনত কংগ্রেছ তৃতীয় স্থানত থাকিব বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে এইবাৰ নির্বাচনত কংগ্রেছতকৈ অধিক আসন লাভ কৰিব৷ কংগ্রেছক অতিক্রম কৰি এআইইউডিএফে দ্বিতীয় স্থান লাভ কৰিব৷ মন কৰিবলগীয়া যে বিজেপিয়ে ১০০ প্লাছ আসন দখলৰ লক্ষ্যৰে এইবাৰ নির্বাচনত অৱতীর্ণ হৈছিল৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ পাছতে দলটোৱে ১০০খন আসন লাভ কৰাৰ সম্ভাৱনাক স্বীকাৰ কৰা নাই দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও৷ আজি ৰঞ্জিত দাসে সাংবাদিকৰ আগত কয়– এইবাৰ অসমৰ ৰাইজে বিজেপিক যথেষ্ট আশীর্বাদ দিছে৷ প্রথম দুটা পর্যায়তে মিত্র দলে যে চৰকাৰ গঠন কৰিবলৈ আসন লাভ কৰিব সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ আমি ১০০ প্লাছৰ লক্ষ্যৰে নির্বাচনত অৱতীর্ণ হৈছোঁ৷ কিন্তু ১০০ আসন লাভ কৰিব নোৱাৰিলেও কোনো আক্ষেপ নাই৷ প্রথম পর্যায়ত ৪৭খন আসনৰ ৪০খন, দ্বিতীয় পর্যায়ত ৩৯খন আসনৰ ৩০খন আৰু তৃতীয় পর্যায়ত ৪০খন আসনৰ ২০খন আসন লাভ কৰিব পাৰিম৷
বিজেপি মিত্রদলে লাভ কৰিব ৯০খন আসনঃ ৰঞ্জিত দাস
তিনিটা পর্যায়ত সম্পন্ন হোৱা এইবেলিৰ বিধানসভা নির্বাচনত মুঠ ১২৬খন আসনৰ ৯০খন আসন লাভ কৰিব বিজেপি মিত্রজেজাটে৷ –এই ঘোষণা বিজেপিৰ ৰাজ্যিক সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী ৰঞ্জিত দাসৰ৷ আজি সন্ধিয়া তৃতীয় পর্যায়ৰ ভোটদান কার্য সমাপ্ত হোৱাৰ পিছত পাঠশালাত সাংবাদিকৰ স’তে হোৱা বার্তালাপত দাসে আৰু কয় যে পাটাছাৰকুছি সমষ্টিত তেওঁ ৭০ শতাংশ ভোট লাভ কৰি জয়লাভ কৰিব৷ আজি সম্পন্ন হোৱা তৃতীয় পর্যায়ৰ নির্বাচনত অগপ–বিজেপি মিত্রজোঁটে মুঠ ২০খন আসন লাভ কৰিব বুলিও তেওঁ দৃঢ়তাৰে মন্তব্য কৰি কয় যে প্রথম পর্যায়ত তেওঁলোকৰ দলে ৪০খন আৰু দ্বিতীয় পর্যায়ত ২০খনসহ মুঠ ৯০খন আসনেৰে ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিব৷

ইপিনে, ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগতো বিজেপিৰ প্রার্থীগৰাকীয়ে নিশ্চিতভাৱে জয়লাভ কৰিব বুলিও দাসে মন্তব্য কৰি ৰাজ্যবাসীয়ে বিজেপি মিত্রজোঁটৰ ওপৰত আস্থা ৰাখি পুনৰ উৎসাহ–উদ্দীপনাৰে তেওঁলোকৰ সমর্থনত ভোটদান কৰাৰ বাবে সমূহ অসমবাসী ভোটাৰলৈ চিৰকৃতজ্ঞতা জ্ঞাপন কৰি ৰাইজৰ শ্রীচৰণত প্রণিপাত জনায়৷ এইবাৰ অসমত সংখ্যালঘুৱেই হওক বা সংখ্যাগুৰুৱেই হওক কোনেও আৱেগিকভাৱে ভোট নিদি বিবেক ভোট আৰু যুক্তিযুক্ত ভোট প্রদান কৰা বুলি দাসে মন্তব্য কৰি ৰাজ্যবাসীয়ে কেৱল উন্নয়নৰ স্বার্থতে পুনৰ একেখন চৰকাৰকে বর্তি থকাটো বিচাৰে বুলি মত পোষণ কৰে৷ ইপিনে ছত্তিশগডত মাওবাদীৰ আক্রমণত প্রাণ আহুতি দিয়া বজালীৰ সন্তান শ্বহীদ দিলীপ কুমাৰ দাসৰ ভাৰেগাঁৱৰ গৃহলৈ ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা কালি তেওঁ গৈ শ্বহীদগৰাকীৰ বিদেহ আত্মাৰ প্রতি শ্রদ্ধাঞ্জলি জনাই বুলি উল্লেখ কৰি কাইলৈ শ্বহীদগৰাকীক শ্রদ্ধাঞ্জলি জনাই পৰিয়ালক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আহিব বুলিও দাসে সাংবাদিকৰ আগত ব্যক্ত কৰে৷

You might also like