নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থ টেষ্টতো একেই থাকিব উইকেটঃ ৰাহানে

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ আহমেদাবাদৰ নৱনির্মিত নৰেন্দ্র মোদী ষ্টেডিয়ামত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত–ইংলেণ্ডৰ দিবা–নৈশ টেষ্ট মেচ মাত্র দুদিনৰ ভিতৰতে সমাপ্ত হোৱাত পিটচক লৈ যথেষ্ট বিতর্কৰ সৃষ্টি হৈছে যদিও এই বিতর্ক গ্রহণযোগ্য নহয় বুলি মন্তব্য আগবঢ়াইছে আজিংক্য ৰাহানেই৷

টীম ইণ্ডিয়াৰ সহঃ অধিনায়কগৰাকীয়ে   এক ভার্চুৱেল সংবাদ মেলত কয় যে আহমেদাবাদৰ স্পিনসহায়ক উইকেটক লৈ বিতর্কৰ সৃষ্টি হোৱাটো অবান্তৰ৷ ম’টেৰাৰ উইকেটক সমর্থন জনাই ৰাহানেই কয় যে টীম ইণ্ডিয়াই কেতিয়াও বিদেশত সেমেকা আৰু গতিসম্পন্ন উইকেটক লৈ আপত্তি দর্শোৱা নাই৷ সেয়ে ভাৰতৰ স্পিনসহায়ক উইকেটক লৈ আপত্তি দর্শোৱাৰ কোনো যুক্তি নাই৷ ‘স্পিনসহায়ক মটেৰাৰ উইকেটত দুদিনৰ ভিতৰতে দিবা–নৈশ টেষ্ট সমাপ্ত হোৱাক লৈ বিতর্কৰ সৃষ্টি হোৱাটো উচিত হোৱা নাই৷ আমি যেতিয়া বিদেশ ভ্রমণলৈ যাওঁ, তেতিয়া কোনেও বেগী বলিং উইকেটক লৈ সমালোচনা নকৰে৷ সকলোৱে ভাৰতীয় বেটছমেনৰ টেকনিকক লৈ প্রশ্ন উত্থাপন কৰে৷ গতিকে ভাৰতৰ উইকেটক সমালোচনা কৰাসকলৰ বক্তব্যক গুৰুত্বসহকাৰে লোৱাৰ প্রয়োজন নাই৷’ ৰাহানেই এইদৰে কয়৷

ইফালে, অহা ৪ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া চতুর্থ তথা অন্তিম টেষ্টৰ উইকেট সন্দর্ভত টীম ইণ্ডিয়াৰ সহঃধিনায়কগৰাকী স্পষ্টকৈ কয় যে শেহতীয়া দুখন টেষ্টৰ সৈতে এইবাৰৰ উইকেটৰ সাদৃশ্য থাকিব৷

উল্লেখ্য যে ৰবিচন্দ্রন অশ্বিন আৰু অক্ষৰ পেটেলৰ স্পিনভেল্কীত ইংলেণ্ড দিশহাৰা হোৱাৰ পিছত মাইকেল ভনকে ধৰি একাংশ ব্রিটিছ ক্রিকেটাৰ আৰু সংবাদ মাধ্যমে ম’টেৰাৰ উইকেটক নিকৃষ্ট আখ্যা দি বি চি চি আইক কঠোৰ সমালোচনা কৰে৷ ইংলেণ্ডৰ একালৰ বাঁওহতীয়া স্পিনাৰ মণ্টি পানেছাৰে আনকি ম’টেৰাৰ উইকেটৰ বাবে আই চি চিয়ে বি চি চি আইৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা উচিত বুলিও উল্লেখ কৰিছিল৷

You might also like