নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত বৰদুৱাৰ বাগানত জোঁৰ সমদল

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ : নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ দাবীত ইতিমধ্যে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷ ইয়াৰে অংশৰূপে আজি সন্ধিয়া পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত এক বিশাল জোঁৰ সমদল উলিয়ায় ৰাভা জাতীয় সংগঠনসমূহে । কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত তথা বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিকে ধৰি ৰাভা জাতীয় সংগঠনসমূহৰ সহযোগত উলিওৱা জোঁৰ সমদলটোৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ষষ্ঠ অনুসূচী দাবী সমিতিৰ নেতা দশানন ৰাভাই ৷

জাৰাপাটা খেলপথাৰৰ পৰা আৰম্ভ কৰা জোঁৰ সমদলটোত অংশগ্ৰহণকাৰী ৰাভা জাতীয় সংগঠনৰ নেতৃত্বই উল্লেখ কৰে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ষষ্ঠ অনুসূচী সম্পৰ্কত আলোচনাৰ বাবে ৰাভা জাতীয় সংগঠনক প্রতিশ্রুতি দিছিল ৷ কিন্তু যথাসময়ত উক্ত প্রতিশ্রুতি ৰক্ষা নকৰিলে বুলি উল্লেখ কৰি ক্ষোভ ব্যক্ত কৰে ৷

তদুপৰি চৰকাৰখনে ৰাভাসকলৰ ন্যায্য প্ৰাপ্তিৰ দীৰ্ঘদিনীয়া সংগ্ৰামখনক গুৰুত্ব নিদিয়া বুলি অভিযোগ তুলি ২৬ৰ নিৰ্বাচনৰ আগত পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷ অন্যথা জংগী আন্দোলনৰ পথ বাছি ল’বলৈ বাধ্য হ’ব বুলিও উল্লেখ কৰে নেতাসকলে ৷ প্ৰদীপ ৰাভা, ললিতা ৰাভা, দেৱজিত নাফাকে ধৰি কামৰূপ জিলা আৰছুৰ সাধাৰণ সম্পাদক অশোক নংবাগ আৰু আঞ্চলিকৰ সুভাষ চিনাল, সত্যজিত ৰাভা তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকীও পাৰিষদ আৰু অঞ্চলটোৰ পঞ্চায়ত প্ৰতিনিধিসকলে সমদলটোত অংশ লৈ সকলোৱে হাতে হাতে জোঁৰ লৈ আৰছু জিন্দাবাদ, আমাক ষষ্ঠ অনুসূচী লাগিবই, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

You might also like