নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশু

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল : কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোৰ বালিঝাৰ হাতীচৰাত আজি দিনৰ ভাগত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। জানিব পৰা মতে, বকোৰ বালিঝাৰ হাতিচৰাত এটি কনমানি শিশুক পথৰ দাঁতিত ৰৈ থাকোতে এখন তীব্ৰবেগী দুচকীয়া বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই ভয়াৱহ পথ দুৰ্ঘটনাত দুচকীয়া বাহনৰ খুন্দাত এটি পাঁচ বছৰীয়া কনমানি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটক পৰিয়ালৰ লোকে ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।পৰৱৰ্তী সময়ত চিকিৎসকে শিশুটিৰ অৱস্থা অতি সংকটজনক হোৱাত জিএমচিএইচলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা দুচকীয়া বাহন খন হাতীচৰাত স্থানীয় লোকে জব্দ কৰিছে বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈ বাহনখনৰ নম্বৰ জানিব পৰা হোৱা নাই।
প্ৰেৰক প্ৰীতম বায়ন
You might also like