নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিত শালীনতা বোধ ৰক্ষা কৰিব লাগে : লুৰিণক কটাক্ষ সোণোৱালৰ

🎯IMDT আইনৰ প্ৰসংগক ইচ্যু হিছাপে লৈ নাহৰকটীয়াত সৰ্বানন্দৰ নিৰ্বাচনী প্ৰচাৰ

বিশেষ বার্তা, ৩ এপ্ৰিলঃ ডিব্ৰুগড় জিলাৰ ৯২নং নাহৰকটীয়া বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দ্যেশ্যেৰে আজি নাহৰকটীয়াত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এন ডি এ-ৰ সমৰ্থিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। নাহৰকটীয়াত উপস্থিত হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ লৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। মনোনয়ন পত্ৰ দাখিলৰ পিছত প্ৰথমবাৰে নাহৰকটীয়াত উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালে প্ৰথমে নাহৰকটীয়া চাচনী মঠাৱনী গাঁৱৰ নামঘৰত উপস্থিত হয়। প্ৰাৰ্থীগৰাকীক গায়ন বায়নেৰে মঠাৱনি নামঘৰলৈ আদৰি অনা হয়। নামঘৰত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে সেৱা লোৱাৰ পিছতেই নাহৰকটীয়াৰ চাচনীৰ আমগুৰি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে আদৰণী ভাষণ আগবঢ়োৱা এই সভাত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে আইএমডিটি আইনৰ প্ৰসংগ টানি আনি আইএমডিটি আইন প্ৰত্যাহাৰৰ ক্ষেত্ৰত আইনী যুঁজত ডিব্ৰুগড়ৰ জনতাই যিদৰে মৰম আশীৰ্বাদ দিছিল সেই একেই মৰম আৰু আশীৰ্বাদ আগন্তুক লোকসভা নিৰ্বাচনত কামনা কৰে। প্ৰাৰ্থীগৰাকীয়ে কা আন্দোলনৰ প্ৰসংগ টানি আনি কা কা কৰি ৰাইজক অযথা বিভ্ৰান্তি নকৰি আন্দোলন কৰাৰ বিপৰীতে প্ৰকৃততে যদি কা বাতিল কৰিব লাগে তেন্তে উচ্চতম ন্যালয়ৰ দ্বাৰস্থ হবলৈ বিৰোধীক আহ্বান জনায়।ন্যায়লয়ে যি ৰায় দিয়ে সেয়া বিজেপি চৰকাৰে নতশিৰে মানি লব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। ইফালে পৰোক্ষভাবে লুৰিণজ্যোতি গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মোক নিমাতী কইনা অকৰ্মণ্য আখ্যা দিয়াসকলে ৰাজনীতিত শালিনতা বোধ ৰক্ষা কৰিব লাগে বুলি মন্তব্য কৰি কংগ্ৰেছে ষাঠি বছৰত কৰিব নোৱাৰ কাম মোদী চৰকাৰে বিগত দহ বছৰত উল্লেখনীয় ভাবে কৰি গল বুলি প্ৰকাশ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰত প্ৰধানমন্ত্ৰী মোদীয়ে দৰিদ্ৰ জনগণৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনমুখী আঁচনিসমূহৰ বিষয়ে সৰ্বসাধৰণ জনতাক অৱগত কৰিব লাগিব বুলি উল্লেখ কৰি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে প্ৰাৰ্থী গৰাকীয়ে। ইয়াৰ পিছতেই প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে বিজেপিৰ নাহৰণি মণ্ডলৰ উদ্যোগত বেতনি ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু জয়পুৰ মণ্ডলৰ উদ্যোগত জয়পুৰ কেন্দুগুৰিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে। উল্লেখযোগ্য যে এই আটাইকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক তৰংগ গগৈ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বড়া, এপিএলৰ উপাধ্যক্ষ হেমন্ত গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জগদীশ ৰাজকোঁৱৰ, বিজেপি নাহৰকটীয়া সমষ্টিৰ প্ৰভাৰী অসীম হাজৰিকা আদি উপস্থিত থাকে। উল্লেখ্য যে চাৰিওখন নিৰ্বাচনী প্ৰচাৰ সভাত তিনি সহস্ৰাধিকৰো অধিক লোক উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like