নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত উজলিল ধুবুৰীৰ হিমাশ্ৰী

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ৩৭তম আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলিল ৰাজ্যৰ এগৰাকী যুৱতীয়ে। ২৮ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ লুধিয়ানাত পাঞ্জাব কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এইবেলিৰ আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত আয়োজিত শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত তৃতীয় স্থান পালে ধুবুৰীৰ গৌৰীপুৰৰ হিমাশ্ৰী শৰ্মাই। গৌৰীপুৰৰ ৩নং ৱাৰ্ডৰ পিতৃ প্ৰয়াত হিৰণ আৰু মাতৃ পৌলমী শৰ্মাৰ জীয়ৰী হিমাশ্ৰী বৰ্তমানে ছত্তিশগড়ৰ খাৰিয়াগৰৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্য কথকৰ স্নাতকোত্তৰ বিভাগৰ ছাত্ৰী। ৩ বছৰৰ বয়সৰ পৰাই কথক নৃত্যৰ অনুশীলন কৰি অহা হিমাশ্ৰী শৰ্মাই অমৃতা চক্ৰবৰ্তী, দেবু দত্ত চাকি, মেঘৰঞ্জনী মেধি, দীপজ্যোতি দীপাংকৰৰ দৰে প্ৰখ্যাত কথক শিল্পীকে ধৰি প্ৰখ্যাত কথক গুৰু চন্দ্ৰাণী কলিতা ওঝাৰো শিষ্যা। ৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় ধ্ৰুপদী নৃত্যৰ জগতখন উজলি উঠা হিমাশ্ৰীক লৈ এতিয়া গৰ্বিত কেৱল গৌৰীপুৰে নহয়; সমগ্ৰ জিলাখনেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like