নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীৰ গধূলি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

🔹 ৭খনৰো অধিক দোকান ভস্মীভূত
🔹 ৫০ লক্ষাধিক টকাৰ ক্ষতিসাধন 
নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ : ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰীৰ ঝাৰগাঁও গধূলি বজাৰত ২৮ ছেপ্টেম্বৰৰ নিশা হোৱা অগ্নিকাণ্ডৰ ফলত ৭খনৰো অধিক দোকান ধ্বংসস্তূপত পৰিণত হয়। জানিব পৰা মতে, যোৱানিশা ১১ মান বজাত ঝাৰগাঁও চ’কৰ গধূলি বজাৰত জুই লগাৰ ফলত পোহৰ হৈ উঠে আৰু ওচৰ চুবুৰীয়া মানুহৰ মাজত হুৱাদুৱা লাগে। নিশাৰ ভিতৰতে ব্যৱসায়ী, দোকানী আৰু অঞ্চলৰ লোক উপস্থিত হয় যদিও ইতিমধ্যে ৭খনকৈ  দোকান সম্পূৰ্ণ ৰূপে জুইত ধ্বংস হৈ যায়। স্থানীয় ৰাইজে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নিনিৰ্বাপক বাহিনী আহি বজাৰ তথা চ’কৰ দোকানসমূহ বিধ্বংসী অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰে। গধূলি বজাৰত থকা ৰাইজৰ একমাত্ৰ আশা-ভৰসাৰ স্থল গৌৰী শংকৰ সৰকাৰৰ ফাৰ্মাচীখন সম্পূৰ্ণ ৰূপে ধ্বংস হোৱাৰ লগতে প্ৰায় ১২ লক্ষাধিক টকাৰ ক্ষতিসাধন হয়। নয়ন সৰকাৰৰ গেলামাল দোকান, ৰমেশ শৰ্মাৰ ফল-মূলৰ দোকান, অমল বৰ্মনৰ দশকৰ্ম ভাণ্ডাৰ, তপন শৰ্মাৰ গেলামাল দোকান, অঞ্চলটোৰ একমাত্ৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘটিও সম্পূৰ্ণৰূপে ধ্বংস হোৱাত গুৰুত্বপূৰ্ণ নথি-পত্ৰ ধ্বংস হৈ যায়। ক’ত কেনেকৈ কিদৰে অগ্নিকাণ্ডৰ সৃষ্টি হ’ল, এই লৈ নিশ্চিত হ’ব পৰা নাই যদিও শ্বৰ্ট চাৰ্কিট নাইবা কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ৫০ লক্ষাধিক টকাৰ সা-সামগ্ৰী, বস্তু-বাহিনিৰ ক্ষতিসাধন হৈছে বুলি অনুমান কৰা হৈছে।
প্ৰেৰক বাপন শৰ্মা
You might also like