কাজিৰঙাত আজিৰে পৰা মুকলি হাতী ছাফাৰি
- আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হল হাতী ছাফাৰি।
- ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰি আৰম্ভ হোৱাৰ লগে লগেই পৰ্যটকৰ আগমনত মুখৰিত হৈ পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
- উল্লেখযোগ্য যে যোৱা ২৬ ছেপ্টেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছিল জীপ ছাফাৰি।
- আজি পুৱাই বাগৰি বনাঞ্চলত মুম্বাই, পুনে, গুজৰাট আদি ৰাজ্যৰ পৰা অহা পৰ্যটকে কাজিৰঙাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে।
ডিজিটেল ডেস্ক, ১ নৱেম্বৰ