ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : ৰঙিয়া ষ্টেচন ৰোডত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ।
উল্লেখ্য যে ৰঙিয়া ষ্টেচন ৰোডত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । ষ্টেচন ৰোডস্থিত মহিন্দৰ শৰ্মা আৰু মনোজ শৰ্মাৰ কাপোৰৰ দোকানত হঠাৎ জুই লাগি লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে বিনষ্ট হয় । দোকান দুখনৰ পৰা উদ্ভৱ হোৱা জুই ক্ষন্তেকতে অধিক দোকানলৈ বিয়পি পৰাত সমগ্ৰ ষ্টেচন ৰোড অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । ফলত স্থানীয় লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ।
খবৰ পোৱাৰ পিছত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলায় । অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে নিশ্চিত নহয় যদিও ক্ষয়-ক্ষতিৰ পৰিমাণ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে । ঘটনাক লৈ স্থানীয় ব্যৱসায়ী সমাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে ।