একশৰণ ভাগৱতী সমাজ, অসমৰ দক্ষিণ কামৰূপ জিলাৰ ৰূপালী জয়ন্তী বৰ্ষ তথা বাৰ্ষিক অধিৱেশন আৰু মহাপালনাম আজিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়। পুৱা ৩ বজাত প্ৰভাত ফেৰীৰে আৰম্ভ হোৱা অধিৱেশন আৰু মহাপালনানখনিত বিশাল ভাগৱত শোভাযাত্ৰাই অঞ্চলবাসী ৰাইজক আকৰ্ষিত কৰে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩ নম্বৰ আমতলাত তিনিদিনীয়াকৈ চলিবলগীয়া একশৰণ ভাগৱতী সমাজৰ বাৰ্ষিক অধিৱেশন আৰু মহাপালনাম কাৰ্যসূচীত প্ৰথম দিনাই অসমৰ সৰ্বস্তৰৰ ধৰ্মপ্ৰাণ ৰাইজ তথা ভকত, আই-মাতৃয়ে অংশগ্ৰহণ কৰে।
নিয়মীয়া বাৰ্তা, কুকুৰমাৰা, ২৫ জানুৱাৰী :