ডিজিটেল ডেস্ক, ধলপুৰ, ১২ জুলাই : লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘাইপথৰ ওপৰত কোনো সংকেত প্ৰদান নকৰাকৈ ৰাতি ৰখাই থোৱা এখন ট্ৰাকত এখন মটৰচাইকেলে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এজন লোক থিতাতে নিহত হয়। মৃত যুৱকজন ধলপুৰ ৰজাবাৰী গাঁৱৰ প্ৰয়াত ভদ্ৰ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ কল্যাণ বৰুৱা (৪২) বুলি চিনাক্ত কৰা হৈছে। এই কৰুণ ঘটনাই সমগ্ৰ ধলপুৰ আৰু ৰজাবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।
স্থানীয় ৰাইজৰ পৰা লাভ কৰা তথ্য অনুসৰি, যোৱানিশা প্ৰায় ৮ বজাত কল্যাণ বৰুৱাই নিজৰ এ এছ-০৭ ডব্লিউ-৫৫১৪ নম্বৰৰ বাইকখনেৰে ধলপুৰৰ পৰা বান্দৰদেৱা অভিমুখে গৈ আছিল। সেই সময়তে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিয়মবহিৰ্ভূতভাৱে এ এছ-২৫ এফ চি-১৬৯৯ নম্বৰৰ এখন ট্ৰাক ৰখাই থোৱা আছিল। নিশাৰ অন্ধকাৰৰ আৰু প্ৰতিকূল বতৰৰ বাবে বাইক আৰোহীজনে পথৰ ওপৰত থকা ট্ৰাকখন প্ৰত্যক্ষ নকৰাত নিয়ন্ত্ৰণ হেৰুৱাই পোনপটীয়াভাৱে ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে। খুন্দাটো ইমানেই ভয়াৱহ আছিল যে মটৰচাইকেলখন দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে প্ৰাণ হেৰুৱায় কল্যাণ বৰুৱাই। স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ধলপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত কল্যাণক ধলপুৰ গ্ৰাম্য চিকিৎসালয়লৈ লৈ যায় ৷
স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কোনো ধৰণৰ পাৰ্কিং লাইট বা সংকেত নিদিয়াকৈ এনেদৰে বিপজ্জনকভাৱে ট্ৰাকখন ৰখাই থোৱাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । কালি ৰাতিয়েই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।