নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন ক্ষেত্ৰত লাখ লাখ টকাৰ কেলেংকাৰি! স্থানীয় লোকৰ বিস্ফোৰণ

প্ৰথম ৪০ দিনত ৪ লাখ ৫০ হাজাৰ টকাৰ বিপৰীতে কিন্তু নৱেম্বৰ ২ তাৰিখৰ পৰা ১৯ দিনত ৪ লাখ ৬৩ হাজাৰ টকাৰ হিচাপ দিয়ে৷ গতিকে পূৰ্বৰ সমিতিৰ একাংশই ৰাইজে আপোন শিল্পীজনক দিয়া দান বৰঙনি হৰলুকী কৰাৰ অভিযোগ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিল৷ ৰাজনীতিৰ পৰা আঁতৰি থাকি মানৱতাৰে কেৱল দৰিদ্ৰ, অসহায় লোকৰ কথা চিন্তা কৰি পৃথিবীত মানুহে মানুহ হিচাপে জীয়াই থকাৰ আদৰ্শ দেখুৱাইছিল৷ তেওঁৰ মৃত্যুৰ দুমাহ পাৰ হৈ যোৱাৰ পিছতো অনুৰাগীৰ বুকুৰ পৰা দুখ আঁতৰা নাই৷ দিনে নিশাই সমগ্ৰ ৰাজ্যৰ লক্ষ্য লক্ষ্য অনুৰাগীয়ে সোণাপুৰ জুবিন ক্ষেত্ৰলৈ আহি ধূপ চাকিৰে ওচৰৰ পৰা শ্ৰদ্ধা জনাই চকুলো টুকিছে৷

এনে ঈশ্বৰ পুৰুষগৰাকীৰ মৃত্যুৰ পিছত জুবিন ক্ষেত্ৰক লৈ একাংশই কৰিব বিচৰা কুটিল ৰাজনীতিক ধিক্কাৰ দিছে জুবিন অনুৰাগীয়ে ৷

উল্লেখ্য যে সোণাপুৰ কমাৰকুছিৰ হাতীমূৰা টিলাত প্ৰাণৰ শিল্পীগৰাকীক অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ সেই দিন ধৰি স্থানীয় বহু পুৰুষ-মহিলাই স্বইচ্ছাই আপোন শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ চোৱা চিতাৰ লগতে পৰিস্কাৰ পৰিচ্ছন্ন কৰি আছিল ৷ যিয়ে যেনেদৰে পাৰে তেনেদৰে ওলাই আহি প্ৰাণৰ শিল্পীগৰাকীক সজীৱ কৰি ৰখাৰ বাবে কাম কৰে৷

কিন্তু এনে সময়তে জুবিন ক্ষেত্ৰত দিনে নিশাই শ্ৰমদান কৰা ছগৰাকী লোকক শিল্পী মানস ৰবীনে দহ হাজাৰকৈ টকা দিয়ে৷ মানৱতাৰ খাতিৰক শিল্পীগৰাকীয়ে দিছিল এই ধন৷ লোককেইজনক টকা দিয়াৰ পিছৰে পৰা একাংশ লোকে প্ৰশাসনৰ অজ্ঞাতে জুবিন ক্ষেত্ৰ পৰিচালনা কৰাৰ বাবে এখন কমিটী গঠন কৰাৰ বুলি জানিব পৰা গৈছে৷

ইপিনে পূৰ্বৰে পৰা জুবিন ক্ষেত্ৰ চোৱা চিতা কৰাৰ লগতে আপোন শিল্পীগৰাকীক দৈনিক ধূপ চাকি জ্বলাই শ্ৰদ্ধা জনাই অহা এই ছয়গৰাকী লোকক জুবিন ক্ষেত্ৰত ধূপ চাকি নিদিবলৈ বাধা প্ৰদান কৰে একাংশ লোকে ৷ লগতে তাৰ পৰা গুচি যা নহলে ঠেং ভাঙি দিম বুলিও কয় লোককেইজনক৷

এনে ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চল৷ এক ৰাজনৈতিক চক্ৰান্ত কৰা হৈছে বুলিও অভিযোগ পোৱা গৈছে৷ এনে ঘটনাৰ পিছতে নিস্বাৰ্থভাবে তাত কাম কৰা প্ৰশান্ত বৰদলৈ, দয়ালী দেউৰী, ভৃগু ঠাকুৰীয়া, সীমা বণিয়া, অজয় তালুকদাৰ, বিনীতা দাসে গৰিমা শইকীয়া গাৰ্গক লগ ধৰি এই নতুন কমিটিখনৰ কথা কয় যদিও তেওঁ এই বিষয়ে অৱগত নহয়৷

ইপিনে লোককেইজনে অনা এনে অভিযোগ খন্দন কৰিছে স্থানীয় লোক তথা কমাৰকুছি পঞ্চায়তৰ সভাপতি মৃদুলা ইংজালে ৷ আনহাতে জুবিন ক্ষেত্ৰত হোৱা এনে দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে আজি জুবিন ক্ষেত্ৰত স্থানীয় লোকে সংবাদ মেল সম্বোধন কৰে৷

সংবাদ মেলযোগে কয় যে পূৰ্বৰ জুবিনক্ষেত্ৰ পৰিচালনা সমিতিৰ একাংশই লাখ লাখ টকাৰ কেলেংকাৰি কৰিছে ৷ জুবিন ক্ষেত্ৰত ৰাইজে দিয়া দান বৰঙণিৰ ধন হৰলুকী কৰাৰ সন্দেহতে এখন নতুন কমিটী গঠন কৰা হৈছে বুলি উল্লেখ কৰে৷

প্ৰথম ৪০ দিনত ৪ লাখ ৫০ হাজাৰ টকাৰ বিপৰীতে কিন্তু নৱেম্বৰ ২ তাৰিখৰ পৰা ১৯ দিনত ৪ লাখ ৬৩ হাজাৰ টকাৰ হিচাপ দিয়ে৷ গতিকে পূৰ্বৰ সমিতিৰ একাংশই ৰাইজে আপোন শিল্পীজনক দিয়া দান বৰঙনি হৰলুকী কৰাৰ অভিযোগ উঠিছে৷ ইয়াক লৈয়ে আজি সংবাদ মেল উত্তপ্ত হৈ পৰে৷

ৰাইজৰ অভিযোগ- জীয়াই থাকোঁতেও জুবিনক একাংশ লোকে খুলি খুলি খালে আৰু এতিয়া মৃত্যুৰ পিছতো মৃতকক দিয়া দান বৰঙনিৰ লাখ লাখ টকা একাংশই হৰলুকী কৰিছে৷ এই ধনৰ হিচাপ দিব লাগিব বুলিও দাবী কৰে সংবাদ মেলত৷

এনে ঘটনা সঁচাকৈয়ে অঞ্চলটোৰ বাবে এক লজ্জাজনক বুলিও বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে পূৰ্বৰ কমিটিৰ লোকসকলক উলিয়াই নিদি কেৱল কমিটীখন বৰ্ধিত হিচাপে গঠন কৰা হৈছে বুলিও সংবাদ মেলত উল্লেখ কৰে৷

কথা হল জুবিন ক্ষেত্ৰক লৈ কোনেও জাতে ৰাজনীতিকৰণ নকৰে ৷ জুবিন ক্ষেত্ৰ জুবিন ক্ষেত্ৰ হৈ থাকিবলৈ দিয়ক৷ এতিয়া জুবিন ক্ষেত্ৰ মানে এখন পবিত্ৰ তীৰ্থভূমিত পৰিণত হৈছে ৷ ইয়াত কোনেও বিজেপি, কংগ্ৰেছ ৰাজনীতি নকৰিব৷

প্ৰাণৰ শিল্পীগৰাকীক ভাল পোৱাৰ বাবে দৈনিক হাজাৰ হাজাৰ অনুৰাগীৰ সমাগম হয়৷ জুবিন ক্ষেত্ৰ কেৱল সোণাপুৰ ডিমৰীয়াবাসীৰে নহয়৷ সমগ্ৰ ৰাজ্যৰ লাখ লাখ জুবিন অনুৰাগীৰ প্ৰাণ আছে তাত৷ সকলোৱে নিশ্বয় স্বইচ্ছাই তাত আহিব আৰু ক্ষেত্ৰখন সকলোৱে চোৱা চিতাৰ লগতে পৰিস্কাৰ পৰিচ্চন্ন কৰি ৰাখিব ৷

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ২২ নৱেম্বৰ

You might also like