নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্সিৰহাটত দেশীয়ভাৱে নিৰ্মিত লোডেড পিষ্টলসহ আটক এজন

নিৰ্বাচনৰ আগে আগে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ সমীপৱৰ্তী পশ্চিমবংগৰ বক্সিৰহাটৰ পৰা আজি এটা লোডেড দেশীয়ভাৱে নিৰ্মিত এটা পিষ্টলসহ এজনক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত আজি পুৱা বক্সিৰহাট আৰক্ষীয়ে অঞ্চলটোৰ জালদোহা ঘাট অঞ্চলত অভিযান চলাই গুলী লোড হৈ থকা অৱস্থাত দেশীয়ভাৱে নিৰ্মিত এটা পিষ্টলসহ এজন লোকক কৰায়ত্ত কৰে। মঞ্জু মিঞা নামক ধৃত লোকজন বক্সিৰহাটৰ ভানুকুমাৰী ২য় খণ্ডৰ বাসিন্দা।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৬ মাৰ্চ :

You might also like