নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচি ২০২৫ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল ঘোষণা, অসমৰ কেইবাগৰাকীৰ স্থান লাভ

ডিজিটেল ডেস্ক, ৬ মাৰ্চ : ইউ পি এছ চি ২০২৫ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল। ঘোষিত ফলাফল অনুসৰি, অসমৰ কেইবাগৰাকীও মেধাৱী প্ৰাৰ্থী উত্তীৰ্ণ হয় UPSC ২০২৫ৰ পৰীক্ষাত। ইয়াৰ ভিতৰত ১৮৭ নম্বৰ স্থানত অভিজ্ঞান খাউণ্ড, ৫৭০সংখ্যক স্থানত অভিজ্ঞান জ্যোতি বৰা আৰু ৭৭৭ নম্বৰ স্থানত ভাস্বত শইকীয়া উজলি উঠে।

উল্লেখ্য যে ইউ পি এছ চি ২০২৫ৰ সংযুক্ত পৰীক্ষাৰ ফলাফলত বিভিন্ন সেৱাৰ বাবে মুঠ ৯৫৮গৰাকী প্রাৰ্থী উত্তীৰ্ণ হয়। এই ফলাফলত দেশৰ ভিতৰত শীৰ্ষস্থানত জিলিকি উঠে অনুজ অগ্নিহোত্ৰী। তদুপৰি দ্বিতীয় স্থানত ৰাজেশ্বৰী শোভে এম আৰু তৃতীয় স্থানত আকাংক্ষা ধোলে নিজৰ নাম উজলাবলৈ সক্ষম হয়।

You might also like