বৃহস্পতিবাৰে পুৱা এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি যায় ধুবুৰী জিলাৰ মটেৰঝাৰৰ আমতলাক। আমতলাৰ ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এখন ই-ৰিক্সাক শিল কঢ়িওৱা এখন তীব্ৰবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় সেই দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত ই-ৰিক্সাখনৰ যাত্ৰী মটেৰঝাৰৰ আমতলাৰ অনিল মালাকাৰৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে সেইখনৰ চালক খয়বৰ সেখ গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে ডাম্পাৰখনে। দুৰ্ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ ফেব্ৰুৱাৰী