নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰত অসমৰ ৪টা স্বৰ্ণ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ ড০ জাকিৰ হুছেইন একুৱেটিক কম্প্লেক্সত খেলো-ইণ্ডিয়া অস্মিতা মহিলা জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। ছুইমিং ফেডাৰেচন অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অন্তৰ্গত স্পৰ্টছ অথ’ৰিটী অফ ইণ্ডিয়াৰ উদ্যোগত অসম সাঁতোৰ সন্থাৰ তত্বাৱধানত জ’ন ফাইভৰ প্ৰতিযোগিতাখনৰ ১০টা ইভেণ্ট অনুষ্ঠিত হয়। বংগ, মেঘালয় আৰু অসম দলৰ মুঠ ১১০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলৰ অন্তত বংগ দলে ৬টা স্বৰ্ণ, ৭টা ৰূপ ৬টা ব্ৰঞ্জৰ পদকৰে অগ্ৰগতি লাভ কৰিছে। ঘৰুৱা দল অসমে ৪টা স্বৰ্ণ, ৩টা ৰূপ আৰু ৩ ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থানত আছে। পদক বিজয়ী খেলুৱৈসকলক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটী কাৰ্যালয়ৰ উপ-সঞ্চালিকা অনন্যা শৰ্মা আৰু সৰ্বভাৰতীয় সাঁতোৰ সন্থাৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে বঁটা প্ৰদান কৰে। আজি ১০টা ইভেণ্টত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিৰ তৰফৰ পৰা জানিব দিছে।

প্ৰেৰক হীৰকজ্যোতি ডেকা

You might also like