নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুখ্যাত প্রৱঞ্চক বনজিতক গ্রেপ্তাৰ

🔹 প্রৱঞ্চনাৰে ১০০ কোটি টকা সংগ্রহ

🔹 ১৫ কোটি লোৱাৰ কথা স্বীকাৰ অভিযুক্ত বর্মনৰ

বিশেষ বাৰ্তা, ১৬ মার্চ : এক–দুই লাখ টকা নহয়, ১০০ কোটি টকা প্রৱঞ্চনাৰে আত্মসাৎ কৰি দীর্ঘদিনে পলাতক হৈ থকা এটা প্রৱঞ্চকক কালি দিছপুৰৰ জিএনআৰচিৰ সমীপৰ ল’জৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী৷ ধৃত প্রৱঞ্চকটো বনজিৎ বর্মন৷ মহানগৰীৰ পূব শৰণীয়াৰ বাসিন্দা বনজিৎ বর্মনে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লোকৰ পৰা বিনিয়োগৰ নামত ধন সংগ্রহ কৰি আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, প্রথমতে ব্যৱসায়ৰ নামত ধন বিনিয়োগ কৰি বিনিময়ত দুগুণ ধন দিয়াৰ প্রলোভনেৰে বহু লোকৰ পৰা লাখে লাখে টকা সংগ্রহ কৰিছিল বনজিৎ বর্মনে৷ কোনোবাজনক যদি আলু–পিঁয়াজৰ ব্যৱসায় অথবা আন কোনোবাক মাছ–মাংসৰ ব্যৱসায়ত ধন বিনিয়োগ কৰি বিনিময়ত দুগুণ লাভ দিয়াৰ প্রলোভন দিছিল প্রৱঞ্চকটোৱে৷ দীর্ঘদিন ধৰি ধন সংগ্রহ কৰাৰ পাছত কোনোধৰণৰ লভ্যাংশ প্রদান কৰাটো দূৰৰে কথা, সংগ্রহ কৰা ধনো ঘূৰাই নিদিয়াত অতিষ্ঠ হৈ বহু লোকে চানমাৰি থানাত কেইবাটাও গোচৰ বনজিৎ বর্মনৰ বিৰুদ্ধে দাখিল কৰে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লোকক শাসকীয় বিজেপি দলৰ কেইবাগৰাকীও শীর্ষ নেতাৰ নামত ধন বিনিয়োগ কৰাৰ অচিলা লৈ ধন সংগ্রহ কৰিছিল প্রৱঞ্চকটোৱে৷ টকা সংগ্রহৰ পাছত ঘূৰাই দিব নোৱাৰাত দীর্ঘদিন ধৰি পলাতক হৈ আছিল বনজিৎ বর্মন৷ গোপন সূত্রৰ খবৰৰ ভিত্তিত আজি আৰক্ষীয়ে অভিযান চলাই দিছপুৰৰ জিএনআৰচিৰ সমীপৰ এটা ল’জত অভিযান চলাই প্রৱঞ্চক বর্মনক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে চলোৱা জেৰাত প্রৱঞ্চকটোৱে ১০০ কোটি নহয়, ১৫ কোটি টকাহে বিভিন্ন প্রান্তৰ লোকৰ পৰা সংগ্রহ কৰা বুলি স্বীকাৰোক্তি দিছে যদিও ভুক্তভোগী বহু লোকে ধন সংগ্রহৰ তথ্য আৰক্ষীক যোগান ধৰাৰ পাছত এই পৰিমাণ প্রায় ১০০ কোটি হ’ব বুলি সূত্রটোৱে সদৰী কৰিছে৷ সংগ্রহ কৰা ধনখিনি প্রৱঞ্চকটোৱে দুগৰাকী মণিপুৰী মহিলাৰ হাতত দিয়া বুলি আৰক্ষীক অৱগত কৰিছে৷ অৱশ্যে মহিলা দুগৰাকীয়ে টকাখিনি ঘূৰাই নিদিয়াৰ বাবেহে ধনখিনি ভুক্তভোগীসকলক ঘূৰাই দিব পৰা নাছিল বুলি প্রৱঞ্চকটোৱে আৰক্ষীক অৱগত কৰিছে৷ আৰক্ষীয়ে প্রৱঞ্চকটোৰ স্বীকাৰোক্তিক সহজভাৱে নলৈ তদন্ত অব্যাহত ৰাখিছে৷ সম্প্রতি চানমাৰি থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিতে প্রৱঞ্চকটোক গ্রেপ্তাৰ কৰা হৈছে৷

You might also like