নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ পাটবাউসীত সেৱা লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাঃ বৰদোৱাৰ আৰ্হিত পাটবাউসীতো স্থাপন কৰা হ’ব অনুৰূপ প্ৰকল্প

বৰপেটাৰ পাটবাউসীত সেৱা ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ বৰপেটাৰ পাটবাউসী উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শ্ৰীমন্ত শংকৰদেৱ থান সত্ৰত সেৱা ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৰুজনাই ১৮ বছৰ ৬ মাহ কাল অতিবাহিত কৰা এই পাটবাউসীত আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যবাসীৰ কল্যাণৰ বাবে সেৱা আগবঢ়ায়। লগতে গুৰুজনাৰ জন্মভূমি বৰদোৱাৰ আৰ্হিত পাটবাউসীতো এক অনুৰূপ বৃহৎ প্ৰকল্প স্থাপন কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণুৰে ৰঞ্জিত পাটবাউসী শ্ৰীশ্ৰী শংকৰদেৱ থানলৈ আহি ৰাজ্যখনৰ কুশল-মংগল কামনা কৰি সেৱা জনালোঁ ৷ গুৰুজনাই এই মহাস্থানতে ১৮ বছৰ ৬ মাহ কাল থাকি অতুলনীয় সৃষ্টিৰ সিংহভাগ ৰচনা কৰি অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতিৰ বৰভেটি গঢ়ি থৈ গৈছে ৷ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া গুৰুজনাৰ জন্মভূমি বৰদোৱাৰ আৰ্হিত তেৰাৰ কৰ্মভূমি তথা সৃষ্টিভূমি পাটবাউসীত এক অনুৰূপ বৃহৎ প্ৰকল্প স্থাপন কৰা হ’ব ৷ সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱ আজিৰ এই সত্ৰ দৰ্শনৰ সময়ত মোৰ সৈতে উপস্থিত থাকে ৷”

You might also like