নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃ মন্ত্ৰণালয় কেন্দ্ৰীয় দলৰ আই নৈৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন

নিয়মীয়া বাৰ্তা  ২৮আগষ্ট: বঙাইগাঁও জিলাৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত আন্তঃ মন্ত্ৰণালয় কেন্দ্ৰীয় দলৰ আই নৈৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। জিলাখনৰ বিশেষকৈ ক্ষতিগ্ৰস্ত জামদহা, জাৰাগুৰী অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় কেন্দ্ৰীয় দলটোৱে। কিন্তু ডাঙৰ ডাঙৰ নেতা, মন্ত্ৰী, বিধায়ক, চৰকাৰী বিষয়া সময়ে সময়ে উক্ত অঞ্চল পৰিদৰ্শন কৰি যোৱাৰ পিছতো কোনো বিধি সন্মত ব্যৱস্থা নোলোৱাৰ অভিযোগ বান পীড়িতৰ। অসমৰ আন আন বহু প্ৰান্তৰ লগতে বঙাইগাঁও, বিজনী অংশত ২০২০ বৰ্ষত বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল। যোৱা জুন মাহৰ ২৭ তাৰিখৰ পৰা জিলাখনৰ মুঠ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে সৃজনগ্ৰাম, বইটামাৰী, বঙাইগাঁও আৰু মানিকপুৰৰ অন্তৰগত বহু এলেকা গুৰুতৰ ভাৱে বানৰ কৱলত পৰি বিস্তৰ ক্ষতিৰ সন্মুখীন হবলগীয়া হৈছিল।জিলাখনৰ সেই বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লবলৈ আজি বঙাইগাঁওত আহি উপস্থিত হৈছিল এক বিশেষ আন্তঃ মন্ত্ৰণালয় কেন্দ্ৰীয় দল।সঞ্চালক,কৃষি মন্ত্ৰালয়, কলকাতা, শ্ৰী নৰেন্দ্ৰ কুমাৰৰ প্ৰতিনিধিত্বত অহা দলটোত আছিল গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উপ-সচিব শ্ৰী হৰিশ কুমাৰ বশিষ্ট আৰু এ.এছ.দি .এম.এ ৰ তৰফৰ পৰা ৰাজ্যিক পৰ্য্যায়ত প্ৰ’ট’ক’ল বিষয়া হিচাবে অহা মিৰ্জা মহম্মদ ঈৰ্ষাদ।দলটো বিয়লি ৩.৩০ বজাত জিলাখনত উপস্থিত হৈ পোনে পোনে মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও ক্ৰমে জৰাগুৰি-১ আৰু জামদহা-২ পৰিদৰ্শন কৰি সেই স্থানসমূহত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়।এই দুয়োখন গাওঁৰ বহু এলেকা প্ৰায় ৪০ দিনতকৈও বেছি সময় পানীৰ কৱলত আছিল।বালিয়ে ঢাকি পেলোৱা কৃষি ভূমি পৰিদৰ্শন কৰি সেই কৃষিভূমিৰ বৰ্তমানৰ গুণাগুণৰ লগত খাপ খোৱা শস্যৰ খেতি কৰিবলৈ দলটোৱে পৰামৰ্শ আগবঢ়ায়।আই নদী য’ত দুভাগ হৈছে সেই খিনি অংশও দলটোৱে পৰিদৰ্শন কৰে। ইয়াৰ উপৰিও দলটোৱে অস্থায়ীভাৱে বাহৰ পাতি থকা বানপীড়িত লোক সকলৰ সৈতে ভাৱ বিনিময় কৰে আৰু তেওঁলোকৰ পৰিস্থিতিৰ বুজে লয়। বান পৰিস্থিতিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ অন্তত নৰেন্দ্ৰ কুমাৰে এই সকলো ক্ষয় ক্ষতিৰ এক সঠিক খতিয়ান যুগুত কৰি চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।: ইফালে বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জাৰাগুৰী, জামদহাকে আদি কৰি এক বৃহৎ অঞ্চলত আই নৈৰ প্ৰলয়ংকাৰী বাবে ভয়াৱহ ভাৱে ক্ষতি কৰাত আজিও পথৰ ওপৰত আশ্ৰয় লৈ আছে শতাধিক বান পীড়িত লোক। কিন্তু উক্ত অঞ্চল পৰিদৰ্শন কৰাৰ বাবে সময়ে সময়ে চৰকাৰী আমোলা-বিষয়া নেতা, মন্ত্ৰী উপস্থিত হয় যদিও আজিও আই নৈৰ মথাউৰী, ক্ষতিগ্ৰস্ত ৰাস্তা-ঘাট, খেতিপথাৰ, পুনৰ সংস্থাপন আদিৰ ক্ষেত্ৰত কোনো বিহিত পদক্ষেপ নোলোৱা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে বান পীড়িত লোকে। আনফালে বিধানসভা নিৰ্বাচনৰ আগত যদি চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা নলয় ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে বান পীড়িত লোকে।

You might also like