নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী-গেৰুকাবাৰী পথৰ দাঁতিত আক্ৰাছুৰ ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদী কাৰ্যসূচী

নিয়মীয়া বাৰ্তা  ২৮আগষ্ট: বঙাইগাঁও জিলাৰ বিজনীৰ গেৰুকাবৰী পথৰ মৌতাৰাত আক্ৰাছুৰ কলা পতাকা উত্তোলন। প্ৰতাৰণা দিৱস হিচাপে বিজনী মহকুমা আক্ৰাছুৱে এইদৰে কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে ভাৰত চৰকাৰ আৰু কমতাপুৰৰ শেষ ৰজা জগ দ্বীপেন্দ্ৰ নাৰায়ণ ভূৱ বাহাদুৰৰ লগত হোৱা আলোচনা মৰ্মে কমতাপুৰক চি কেটেগৰীৰ ৰাজ্য হিচাপে দিয়াৰ যি মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছিল কিন্তু বৰ্তমানলৈকে ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে। এনে পৰিপ্ৰেক্ষিতত আজি বিজনী মহকুমা আক্ৰাছুৱে ৰাজপথত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

You might also like