AJPৰ ভৱিষ্যতৰ অগ্ৰগতি, কৰ্মপন্থাৰ লগতে প্ৰতিটো পদক্ষেপত আছুৰ ভূমিকা থাকিবঃ দীপাংক নাথ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নতুন এটা শক্তিৰ আবিৰ্ভাৱ হ’ব লাগে। যি শক্তিয়ে অসমীয়া জাতিৰ স্বাৰ্থ ৰক্ষা কৰিব। দিল্লীৰ ওচৰত আঠু নোলোৱাকৈ জীয়াই থকাৰ বাবে অহোপুৰুষাৰ্থ কৰিব। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত হোৱা অসম জাতীয় পৰিষদৰ উত্থানত আছুৰ সকলোধৰণৰ বৰঙণি থাকিব বুলি মন্তব্য কৰে আছুৰ সভাপতি দীপাংক নাথে।
শিৱসাগৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠানত। ১৭ ডিচেম্বৰত AJPত যোগ দিব লুৰিণজ্যোতি গগৈয়ে। লগতে অগপ ত্যাগ কৰা পবীন্দ্ৰ ডেকায়ো অসম জাতীয় পৰিষদত যোগ দিয়াৰ সম্ভাৱনা।
এয়া জাতিয়ে প্ৰত্যুত্তৰ দিয়াৰ সময়। এয়া জাতিয়ে বিশ্বাসঘাটকসকলৰ বিৰুদ্ধে সবল আপোচবিহীন জাতীয়তাবাদী শক্তিৰ পক্ষত থিয় হোৱাৰ সময়।
অসম জাতীয় পৰিষদ
অসম প্ৰথম সদায় আৰু চিৰদিনৰাজনৈতিক অভিৱৰ্তন
১৬,১৭ ডিচেম্বৰ,২০২০জয় আই অসম#PoliticalConvention#AssamFirst#JatiyaParishad pic.twitter.com/JaNNxSgpKy
— Assam Jatiya Parishad (@JatiyaParishad) December 15, 2020