নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৫ চনত সম্পূর্ণ হ’ব মাজুলী–যোৰহাট সংযোগী দলঙৰ নির্মাণ: নীতিন গাডকাৰি

নিয়মীয়া বাৰ্তা, ৮ডিচেম্বৰ: নির্মীয়মাণ সংস্থাৰ সৈতে হোৱা চুক্তি অনুসৰি ব্রহ্মপুত্রৰ ওপৰত মাজুলী–যোৰহাট সংযোগী দলঙৰ নির্মাণকার্য ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷ দলঙৰ নির্মাণকার্য লেহেমীয়া হোৱা বাবে ঠিকাদাৰক ইতিমধ্যে জাননী জাৰি কৰা হৈছে৷ কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকৰিয়ে ৰাজ্যসভাত এই কথা জানিবলৈ দিয়ে৷ সদনৰ প্রশ্ণোত্তৰ কালত অগপ সাংসদ বীৰেন্দ্র কুমাৰ বৈশ্যই সোধা এক প্রশ্ণৰ উত্তৰত মন্ত্রী গাডকৰিয়ে লগতে জনায় যে প্রকল্পটোৰ কাম অথৰিটী ইঞ্জিনীয়াৰ আৰু তেওঁৰ মন্ত্রালয়ৰ বিষয়াসকলৰ জৰিয়তে চোৱাচিতা আৰু পর্যালোচনা কৰি থকা হৈছে৷ এই মুহূর্তত দলঙৰ মাজুলীৰ দিশে ১৩টা আৰু যোৰহাটৰ দিশে ৪টা কূপ নির্মাণৰ কাম চলি আছে৷ ইঞ্জিনীয়াৰিং, প্রকিউৰমেণ্ট আৰু কনষ্ট্রাকচন অর্থাৎ ই পি চিৰ আধাৰত মাজুলী–যোৰহাট দলঙৰ নির্মাণকার্য আৰম্ভ কৰা হৈছে৷

আনহাতে ৰাজ্যসভাত সাংসদ অজিত কুমাৰ ভূঞাই সোধা আন এক প্রশ্ণৰ উত্তৰত মন্ত্রী গাডকাৰিয়ে প্রকাশ কৰা মতে, এই মুহূর্তত অসমত মুঠ ৬১৪ কিলোমিটাৰৰ ৪ লেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ কাম চলি আছে৷ আনহাতে ২০০৪–০৫ বিত্তীয় বর্ষৰ পৰা অসমত আৰম্ভ হোৱা ৪ লেনযুক্ত ঘাইপথ নির্মাণত এতিয়ালৈকে ১২,১২১.৩০ কোটি টকা এন এইচ আই ডি চি এল, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু ৰাজ্যৰ গড়কপ্ঢানি বিভাগে ব্যয় কৰিছে৷ ইয়াৰ ভিতৰত ২০২০–২১ বর্ষত সর্বাধিক ১,৮১২.৫৬ কোটি টকা ব্যয় কৰা হৈছে৷

ইপিনে জালুকবাৰীৰ পৰা বশিষ্ঠলৈকে থকা ১৬.৫৪ কিলোমিটাৰৰ ৰাষ্ট্রীয় ঘাইপথ ৩৭–ক ৪ লেনৰ পৰা ৬ লেনলৈ উন্নীত কৰাৰ কাম চলি আছে৷ মন্ত্রী গাডকৰিয়ে প্রকাশ কৰা মতে, এয়াই হ’বগৈ অসমৰ একমাত্র ৬ লেনযুক্ত ঘাইপথ৷ চৰকাৰৰ ওচৰত এই মুহূর্তত অসমৰ আন কোনো ঘাইপথ ৬ লেনলৈ উন্নীত কৰাৰ কোনো প্রস্তাৱ নাই বুলিও মন্ত্রীজনে লগতে স্পষ্ট কৰি দিয়ে৷

You might also like